অসম

assam

ETV Bharat / state

গোৰ্খা প্ৰশিক্ষণ কেন্দ্ৰত পাছিং আউট পেৰেড - গোৰ্খা প্ৰশিক্ষণ কেন্দ্ৰ

শ্বিলঙৰ হৰিশ পেৰেড গ্ৰাউণ্ড (Harish Parade Ground)ত দেওবাৰে ৫৮ গোৰ্খা প্ৰশিক্ষণ কেন্দ্ৰৰ ১৯০ তম ৰিক্ৰুইট ট্ৰেইনিং বেট্চ (Recruit Training Batch )ৰ পাছিং আউট পেৰেড (The Passing Out Parade) অনুষ্ঠিত হয় ৷ এই পেৰেডত কঠোৰ প্ৰশিক্ষণৰ দ্বাৰা যুৱকসকল শাৰীৰিকভাৱে সুস্থ, মানসিকভাৱে শক্তিশালী আৰু পেছাদাৰীভাৱে সক্ষম কৰি ভাৰতীয় সেনাৰ সৈনিক হিচাপে গঢ়ি তোলা হয় ৷

গোৰ্খা প্ৰশিক্ষণ কেন্দ্ৰত পাছিং আউট পেৰেড
গোৰ্খা প্ৰশিক্ষণ কেন্দ্ৰত পাছিং আউট পেৰেড

By

Published : Jul 11, 2021, 3:10 PM IST

তেজপুৰ, 11 জুলাই : শ্বিলঙৰ হৰিশ পেৰেড গ্ৰাউণ্ড (Harish Parade Ground)ত দেওবাৰে ৫৮ গোৰ্খা প্ৰশিক্ষণ কেন্দ্ৰৰ ১৯০ তম ৰিক্ৰুইট ট্ৰেইনিং বেট্চ (Recruit Training Batch )ৰ পাছিং আউট পেৰেড (The Passing Out Parade) অনুষ্ঠিত হয় ৷ এই পেৰেড (The Passing Out Parade)ত কঠোৰ প্ৰশিক্ষণৰ দ্বাৰা যুৱকসকল শাৰীৰিকভাৱে সুস্থ, মানসিকভাৱে শক্তিশালী আৰু পেছাদাৰীভাৱে সক্ষম কৰি ভাৰতীয় সেনা (Indian Army)ৰ সৈনিক হিচাপে গঢ়ি তোলা হয় ৷ এই সমাৰোহত 130 জন যুৱ সৈনিকে হিচাপে 'প্ৰতিশ্ৰুতিৰ শপত' গ্ৰহণ কৰে । এই সৈনিকসকলে এতিয়াৰে পৰা মাতৃভূমিৰ সেৱা আৰু সুৰক্ষাৰ বাবে সমৰ্পিত আৰু তেওঁলোকৰ বেটেলিয়নলৈ প্ৰেৰণ কৰা হ'ব ।

গোৰ্খা প্ৰশিক্ষণ কেন্দ্ৰত পাছিং আউট পেৰেড

পেৰেডত 58 গোৰ্খা প্ৰশিক্ষণ কেন্দ্ৰৰ অফিচিয়েটিং কমাণ্ডেণ্ট কৰ্ণেল বিভু বশিষ্ঠই সৈনিকসকলক তেওঁলোকৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায় ৷ তেওঁ লগতে তেওঁলোকক ভাৰতীয় সেনা (Indian Army)ৰ সৰ্বশ্ৰেষ্ঠ সৈনিক হ'বলৈ চেষ্টা কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত নিয়োজক (Recruit) আশীষ ৰোকাক 5 জি আৰ (Overall Best Recruit of 5 GR) (এফএফ) ৰ সামগ্ৰিক শ্ৰেষ্ঠ নিযুক্তি প্ৰদান কৰা হয় আৰু নিয়োজক ৰাহুল সিং ধামীক 8 জি আৰৰ শ্ৰেষ্ঠ নিয়োজক (Best Recruit of 8 GR)সন্মান প্ৰদান কৰা হয় ।

লগতে পঢ়ক :ৰহাত ৰাজ্যিক ভিত্তিত মীন পালক দিৱস উদযাপন

ABOUT THE AUTHOR

...view details