অসম

assam

By

Published : Jan 17, 2023, 8:10 PM IST

ETV Bharat / state

LGB RIMH in Tezpur: তেজপুৰৰ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন সংসদীয় পৰিক্ৰমা কমিটীৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সংসদীয় পৰিক্ৰমা কমিটীৰ এটা বিশেষ দলে মঙলবাৰে পৰিদৰ্শন কৰে তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGB Regional Institute of Mental Health) ৷ আঞ্চলিক চিকিৎসা প্ৰতিষ্ঠান খনৰ আন্তঃগাথঁনিৰ উন্নয়ন সন্দৰ্ভত কৰ্তৃপক্ষৰে এক বৈঠকত মিলিত হয় দলটো ৷

Parliamentary Standing Committee in Tezpur
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান

তেজপুৰ, 17 জানুৱাৰী: তেজপুৰত মঙলবাৰে উপস্থিত হয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সংসদীয় পৰিক্ৰমা কমিটীৰ এটি বিশেষ দল (Parliamentary Standing Committee on Health and Family Welfare) । এই দলটোৱে আজি তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰে । দলটোৱে তেজপুৰৰ এই কেন্দ্ৰীয় প্ৰতিষ্ঠানখনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু প্ৰতিষ্ঠানৰ সঞ্চালক ডাক্তৰক শৈলেন দেউৰীয়ে সকলোকে উষ্ম আদৰণি জনায় (LGB Regional Institute of Mental Health) ।

মুঠ 30 জনীয়া সংসদীয় কমিটিখনৰ প্ৰায় 15 জনীয়া দলে মঙলবাৰে পৰিদৰ্শন কৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ৷ তেওঁলোকে আঞ্চলিক চিকিৎসা প্ৰতিষ্ঠান খনৰ আন্তঃগাথঁনিৰ উন্নয়নৰ বিষয়ে আলোচনা কৰে । অসমৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা আৰু শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয় এই দলটোৰ লগত উপস্থিত থাকে ।

বৈঠকৰ পূৰ্বে তেজপুৰত উপস্থিত হৈ অসমৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই এই পৰিদৰ্শনৰ বিষয়ে সংবাদ মাধ্যমক জনায় যে, দলটোৱে অসমত তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনৰ লগতে বুধবাৰে গুৱাহাটীৰ এইমছত পৰিদৰ্শন কৰিব (Guwahati AIIMS)। অসমৰ এই চিকিৎসা প্ৰতিষ্ঠান কেনেদৰে চলিছে আৰু ইয়াতকৈও অধিক উন্নয়নৰ বাবে কেনেদৰে আগবাঢ়িব পাৰি সেই বিষয়ে আলোচনা কৰাৰ কথা অৱগত কৰে সাংসদ কলিতাই ।

তেওঁ আৰু কয় যে, এই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সংসদীয় পৰিক্ৰমা কমিটীৰ দলটোত আছে মুঠ 30 জন সদস্য ৷ ইয়াৰে 20 জন লোকসভাৰ, 10 জন ৰাজ্যসভাৰ সদস্য ৷ ইয়াৰোপৰি দলটোৰ সৈতে সংযুক্ত হৈ আছে পাঁচজন বিভাগীয় বিষয়া ৷ মুঠ 35 জনীয়া এটা দল অহাৰ কথা আছিল যদিও বিভিন্ন অসুবিধাৰ কাৰণে 15 জনীয়া এটা দলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰে বুলি সাংসদ কলিতাই সদৰী কৰে ৷ এই সময়চোৱাত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাও উপস্থিত থাকে দলটোৰ সৈতে ৷

উল্লেখযোগ্য যে, প্ৰতিষ্ঠানখনত সংসদীয় পৰিক্ৰমা দলটোৱে পৰিদৰ্শন কৰাৰ সময়ত সংবাদ মাধ্যমক প্ৰৱেশৰ কোনোধৰণৰ অনুমতি প্ৰদান কৰা হোৱা নাই ৷ এই বিষয়ে পৰবৰ্তী সময়ত ৰাজ্যসভাৰ সংসদীয় সচিবৰ জৰিয়তে সবিশেষ তথ্য প্ৰদান কৰিব বুলি জনোৱা হয় । আনহাতে দলটোৱে তেজপুৰৰ পিছত গুৱাহাটী, কলকাতা আৰু হায়দৰাবাদতো পৰিদৰ্শন কৰিব ৷ অহা ২০ জানুৱাৰীৰ ভিতৰত এই পৰিদৰ্শনৰ কাম সম্পূৰ্ণ কৰিব বুলি তেওঁলেকে জানিবলৈ দিয়ে । এই পৰিদৰ্শন কালতে বিভিন্ন অনুষ্ঠান আৰু আঁচনিসমূহৰ ক্ষেত্ৰ ভিত্তিক পৰ্যালোচনা কৰা হ’ব বুলি ৰাজ্যসভাৰ সচিবৰ এক পত্ৰত উল্লেখ কৰিছে (Parliamentary Standing Committee in Tezpur)।

লগতে পঢ়ক:Tea worker protest : ন্যায্য প্ৰাপ্তিৰ দাবীত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত প্ৰতিবাদ শ্ৰমিকৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details