তেজপুৰ,৯ ফেব্ৰুৱাৰী: ভাৰতীয় সেনাৰ নেশ্যনেল ডিফেন্স একাডেমী (National Defence Academy)ৰ প্ৰশিক্ষক তথা ১৩ নং জম্মু আৰু কাশ্মীৰ ৰাইফলছৰ সুবেদাৰ মেজৰ সঞ্জয় কুমাৰক ইতিমধ্যে পৰম বীৰ চক্ৰ সন্মানেৰে পুৰস্কৃত কৰা হৈছে । ইয়াৰ পাছত প্ৰশিক্ষক সঞ্জয় কুমাৰক সেনাৰ প্ৰতি নিষ্ঠা আৰু আনুগত্যৰ বাবে সুবেদাৰ মেজৰ পদলৈ পদোন্নতি দিয়া হয় (Sanjoy Kumar is promoted to the rank of Subedar Major)। মঙলবাৰে এনডিএৰ কামাণ্ডেণ্ট এয়াৰ মাৰ্শ্বেল সঞ্জীৱ কাপুৰে সুৱেদাৰ মেজৰ কুমাৰক এই সন্মান প্ৰদান কৰে ।
প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেই জনায় যে পৰম বীৰ চক্ৰৰে সন্মানিত সঞ্জয় কুমাৰ ১৯৯৯ চনৰ ৪ জুলাই তাৰিখে অপাৰেচন বিজয়ৰ জৰিয়তে যুৱ সৈনিকজনক মুশকোহ উপত্যকাৰ ফ্লেট টপ অফ পইণ্ট ৪৮৭৫ দখল কৰিবলৈ দায়িত্ব দিয়াৰ পাছতে সীমান্তত শত্ৰু পক্ষৰ আক্ৰমণ ৰোধ কৰিবলৈ দলটোৰ আগশাৰীৰ স্কাউট হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছিল । সেই সময়ত আক্ৰমণকাৰী শত্ৰুপক্ষক ৰাইফলমেন সঞ্জয় কুমাৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগত সুৰক্ষাৰ প্ৰতি সম্পূৰ্ণ অৱজ্ঞা কৰি আক্ৰমণ কৰিছিল ।