তেজপুৰ,২০ মাৰ্চঃ অসমৰ বিশিষ্ট কণ্ঠশিল্পী পংকজ বৰদলৈ আৰু নাই । জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ গীতেৰে সমগ্ৰ অসমবাসীৰ মাজত পৰিচিত হোৱা বৰদলৈৰ বৃহস্পতিবাৰৰ নিশা তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ১২.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে ৷ ১৯৬০ চনৰ ২৪ ডিচেম্বৰত তেজপুৰৰ ৰূপাজুলি চাহ বাগিচাত জন্মগ্ৰহণ কৰা বৰদলৈয়ে ডঃ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰাৰ লগতে জ্যোতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ গীতেৰে সমগ্ৰ অসমৰ লোকক আপ্লুত কৰিছিল ৷ স্বাস্থ্যজনিত কাৰণত বিগত ২৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি হৈছিল শিল্পীগৰাকী ৷
শিল্পী পংকজ বৰদলৈৰ দেহাৱসান - pankaj bardoloi death Tezpur sonitpur assam etv bharat news
বৃহস্পতিবাৰে নিশা তেজপুৰৰ নিজা বাসভৱনত মৃত্যু হয় শিল্পী পংকজ বৰদলৈৰ ৷ স্বাস্থ্যজনিত কাৰণত বিগত ২৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি হৈছিল শিল্পীগৰাকী ৷
![শিল্পী পংকজ বৰদলৈৰ দেহাৱসান PANKAJ BARDOLOI DEATH](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6474845-thumbnail-3x2-a.jpg)
শিল্পী পংকজ বৰদলৈৰ মৃত্যু
শিল্পী পংকজ বৰদলৈৰ দেহাৱসান
বৰদলৈৰ মৃত্যুত শোণিতপুৰ জিলা প্ৰশাসন,তেজপুৰ সাহিত্য সভা,বাণ থিয়েটাৰ,পকী,বিভিন্ন দল-সংগঠনৰ লগতে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰে ।
লগতে চাওকঃপ্ৰধানমন্ত্ৰীৰ জনতা কাৰ্ফিউৰ আহ্বানক সঁহাৰি ৰঞ্জিত দাসৰ
Last Updated : Mar 20, 2020, 12:40 PM IST