ৰঙাপাৰা, ৮ মে': শোণিতপুৰ জিলাৰ মিছামাৰীত শুকুৰবাৰে উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য বনৰৌ । সোনাই-ৰূপাই অভায়াৰণ্যৰ সীমপত মিছামাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বনৰৌটো ।
মিছামাৰীত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ - বনৰৌ
শুকুৰবাৰে শোণিতপুৰ জিলাৰ মিছামাৰীত উদ্ধাৰ এটা বনৰৌ । সোনাই-ৰূপাই অভায়াৰণ্যৰ সীমপত মিছামাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বনৰৌটো ।

মিছামাৰীত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ
খবৰ অনুসৰি, শুকুৰবাৰে দিনৰ প্ৰায় ১২ বজাত সোনাই-ৰূপাই অভায়াৰণ্যৰ চামবাৰীত এটা পৰি থকা বস্তা মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয় শংকৰ ওৱাৰীয়ে প্ৰত্যক্ষ কৰে । পিছত বস্তাটো খুলি চোৱাত উদ্ধাৰ হয় বনৰৌটো । আনহাতে, মিছামাৰী আৰক্ষীয়ে বনৰৌটো উদ্ধাৰ কৰাৰ পাচতে সোনাই-ৰূপাই বন্যপ্ৰাণী বিভাগক গতাই দিয়ে বুলি জানিবলৈ দিয়ে ।