তেজপুৰ, 26 ডিচেম্বৰঃপ্ৰথম বাৰৰ বাবে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বুধবাৰে সাংসদ গৰাকীয়ে তেজপুৰ আৱৰ্ত ভৱনত উপস্থিত হৈ বিজেপিৰ কাৰ্যকৰ্তা সকলৰ লগত এক সুকীয়া আলোচনাত মিলিত হয় ৷
অগণতান্ত্ৰিক পন্থাৰ আন্দোলন চৰকাৰে কোনো কাৰণত মানি নলয়! - তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস
বুধবাৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে তেজপুৰৰ আৱৰ্ত ভৱনত উপস্থিত হৈ মন্তব্য কৰে যে অগণতান্ত্ৰিক পন্থাৰ আন্দোলন চৰকাৰে কোনো কাৰণত মানি নলয় ৷ প্ৰথম বাৰৰ বাবে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷
তেজপুৰ