তেজপুৰ, ১২ নৱেম্বৰ :দেশৰ ৰাষ্ট্ৰপতিক লৈ কৰা সমালোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে (Pallab Lochan Das reacted on President issue) ৷ উল্লেখ্য, দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মু সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী অখিল গিৰিয়ে এক বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল (President Droupadi Murmu) ।
মন্ত্ৰী অখিল গিৰিৰ উক্ত মন্তব্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে সাংসদ পল্লৱ লোচন দাসে (WB minister controversial comments on President) ৷ ৰাষ্ট্ৰপতি সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে । উল্লেখ্য, শোণিতপুৰ জিলা যুৱ মৰ্চাৰ (BJP Yuva Marcha Sonitpur) উদ্যোগত শনিবাৰে তেজপুৰত অনুষ্ঠিত হয় বিজেপিৰ এক যোগদানৰ কাৰ্যসূচী ৷
উক্ত বিজেপিত যোগদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ পল্লৱ লোচন দাসে কয়, "পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীক লৈ যি বৰ্ণবৈষম্যমূলক মন্তব্য কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰিত্ব খাৰিজ কৰিব লাগে ।" লগতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈও আহ্বান জনায় সাংসদজনে (Tezpur MP Pallab Lochan Das) ৷