অসম

assam

ETV Bharat / state

আদৰ্শগত অমিলৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছিল পল্লৱ-ৰাজেনে - পল্লৱলোচন দাস

তেজপুৰৰ বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত এই মন্তব্য তেজপুৰৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ

তেজপুৰৰ বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত পল্লৱলোচন দাস

By

Published : Mar 24, 2019, 11:38 PM IST

তেজপুৰ, 24 মাৰ্চ : তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিয়েই দেওবাৰে তেজপুৰৰ বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী তথা তেজপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাস ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যাতে পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে তাৰ বাবে সকলোৱে মিলি জুলি কাম কৰি যাবৰ বাবে দলীয় কৰ্মীসকলক অনুৰোধ জনায় পল্লৱলোচন দাসে ৷ বিজেপিক অনুশাসনৰ দল বুলি আখ্যা দি আদৰ্শগত অভাৱৰ বাবেই কংগ্ৰেছ দলৰ মজিয়াৰ পৰা তেওঁ আৰু ৰাজেন বৰঠাকুৰ আঁতৰি অহা বুলি মন্তব্য কৰে কংগ্ৰেছ দলৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰা দাদা বিগ্ৰেডৰ অন্যতন নেতা,মন্ত্ৰীতথা তেজপুৰৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসে৷ ইপিনে এম জি ভি কে ভানুক কংগ্ৰেছে টিকট প্ৰদান কৰাক লৈ মত প্ৰকাশ কৰি দলটোত থকা আদৰ্শগত অভাৱৰ বাবেই বাহিৰৰ পৰা অহা এগৰাকী প্ৰাক্তন আমোলাক প্ৰাৰ্থিত্ব দিব লগা হৈছে বুলিও উল্লেখ কৰেপল্লৱলোচন দাসে ৷

তেজপুৰৰ বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত পল্লৱলোচন দাস

ABOUT THE AUTHOR

...view details