ৰঙাপৰাত মাত্ৰ এজন শিক্ষকে চলাইছে বিদ্যালয়! - শোণিতপুৰ
শোচনীয় অৱস্থাত খেৰনীবস্তি প্ৰাথমিক বিদ্যালয় ৷ প্ৰহসনত পৰিণত শিক্ষাৰ অধিকাৰ আইন ৷ শিক্ষাবিভাগৰ অৱহেলা ৷
শোণিতপুৰ,29 আগষ্টঃশোচনীয় অৱস্থাত শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ খেৰনীবস্তি প্ৰাথমিক বিদ্যালয় ৷ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক মাত্ৰ এজন শিক্ষকে পাঠদান কৰিবলগা হোৱা এই বিদ্যালয়খনত নাই বিদ্যুতৰ সংযোগ, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷ ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে বিদ্যালয়সমূহত আন্তঃগাঁথনি উন্নয়ন আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক থকা বুলি ঢাক-ঢোল বজাই আহিছে যদিও বালিপৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ৰঙাপৰাৰ খেৰনীবস্তি প্ৰাথমিক বিদ্যালয়ত ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে । যোৱা ২৮ ফেব্ৰুৱাৰীত প্ৰধান শিক্ষিয়ত্ৰী ডালিমী দেৱীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত বিদ্যালয়খনত শিক্ষকৰ সমস্যাটিৰ উদ্ভৱ হয় । বিদ্যুতৰ সংযোগ নোহোৱা বাবে শিক্ষাৰ্থীসকলে উৎকট গৰম সহ্য কৰি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ৷ বিদ্যালয়খনত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ এতিয়া স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে।