অসম

assam

ETV Bharat / state

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটন ক্ষেত্ৰলৈ আশাৰ ৰেঙণি ৷ বৃহস্পতিবাৰৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷

Orang National park is Opening for tourist
আজিৰে পৰা পৰ্যটক বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

By

Published : Sep 30, 2021, 1:18 PM IST

তেজপুৰ, ৩০ ছেপ্তেম্বৰ :আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান । ২০২১-২০২২ বৰ্ষৰ পৰ্যটক তথা দৰ্শনাৰ্থীসকলৰ বাবে বৃহস্পতিবাৰৰে পৰা মুকলি কৰি দিয়া হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান । ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰিব মঙলদৈৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ দৰং আৰু শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত । ১৯৮৫ চনতেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল ৷ তাৰ পাচত ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল ।

আজিৰে পৰা পৰ্যটক বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ৰাষ্ট্ৰীয় উদ্যানখনলৈ গুৱাহাটীৰ পৰা ১৫০ কিল’মিটাৰ, মঙলদৈৰ পৰা ৭০ কিল’মিটাৰ আৰু তেজপুৰৰ পৰা ৫৫ কিল’মিটাৰ দূৰত্বত অৱস্থিত ।

লগতে পঢ়ক:নীল আকাশত পুৱাৰ ৰ’দকাঁচিয়লিত জিৰণি লৈছে এজাক পক্ষীয়ে

ইয়াক মিনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (IUCN স্থান) বুলিও জনা যায় ৷ কিয়নো দুয়োখন উদ্যানত জলাভূমি, সোঁত আৰু ঘাঁহনিৰ দ্বাৰা গঠিত একে ধৰণৰ দৃশ্য আছে ৷ এই উদ্যান এশিঙীয়া গঁড়ৰ বিচৰণভূমি ।

তদুপৰি ইয়াত পিগমি হগ, হাতী, বনৰীয়া ম'হ আৰু বাঘ । ই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত গঁড়ৰ একমাত্ৰ দুৰ্গ হিচাপেও প্ৰখ্যাত । আনকি এই ৰাষ্ট্ৰীয় উদ্যানত ২২২ বিধ ভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায় । চলিত মাহৰ ২ ছেপ্তেম্বৰত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ "ৰাজীৱ গান্ধী" নামটো উঠাই দিছিল ৷

লগতে পঢ়ক:ধেমাজিৰ মৌ-মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস

ABOUT THE AUTHOR

...view details