অসম

assam

By

Published : Jul 4, 2019, 5:10 PM IST

ETV Bharat / state

তেজপুৰ ডিটেনশ্বন কেম্পত উপস্থিত দেবব্ৰত শইকীয়া

বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ ডিটেনশ্বন কেম্প পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত শইকীয়াই বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰা মুঠ 365 গৰাকী লোকক সাক্ষাৎ কৰে ৷

তেজপুৰ ডিটেনশ্বন কেম্পত উপস্থিত দেবব্ৰত শইকীয়া

তেজপুৰ, 4 জুলাইঃ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰস্থিত ডিটেনশ্বন কেম্প পৰিদৰ্শন কৰে বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই ৷ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰাস্থিত ডিটেনশ্বন কেম্পত থকা প্ৰায় 365গৰাকী লোকক সাক্ষাৎ কৰে শইকীয়াই ৷

তেজপুৰ ডিটেনশ্বন কেম্পত উপস্থিত দেবব্ৰত শইকীয়া

সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই এইসমূহ ভাৰতীয় লোক এইদৰে স্বদেশী হৈয়ো বিদেশী হ'বলগীয়া হৈছে ৷ সীমান্ত আৰক্ষীয়ে তেঁওলোকৰ নথি-পত্ৰসমূহ ভালদৰে পৰীক্ষা নকৰাৰ বাবেই এইধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে ৷ বহুটো লোক বিহাৰৰ পৰা অসমলৈ আহিছে আৰু তেঁওলোকৰ নথিসমূহ হিন্দী আৰু উৰ্দু ভাষাত আছে ৷ তেনেকুৱা আৰু বহুত নথি আছে যিসমূহ পৰীক্ষা নকৰাৰ বাবেই এওঁলোক এতিয়া ডিটেনশ্বন কেম্পত থাকিবলগা হৈছে ৷ ডিটেনশ্বন কেম্পত এতিয়াও এনেকুৱা বহু লোক আছে যিয়ে এইবাৰ লোকসভা নিৰ্বাচনত ভোট দিছে আৰু তেঁওলোকৰ আঙুলিৰ ৰং এতিয়াও মাৰ যোৱাই নাই ৷ এইদৰে মন্তব্য কৰি এই সমূহ লোকে ন্যায় পাব লাগে বুলি দাবী উত্থাপন কৰে বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই ৷ শইকীয়াই ইতিপূৰ্বেই শিলচৰ, গোৱালপাৰা আৰু কোকৰাঝাৰস্থিত ডিটেনশ্বন কেম্প পৰিভ্ৰমন কৰিছে ৷

অধিক পঢ়কঃ মুখেৰে গীটাৰত লহৰ তুলি গ্ৰীনিছ বুক অৱ ৰেকৰ্ড

ABOUT THE AUTHOR

...view details