অসম

assam

ETV Bharat / state

ৰঙাপৰাত চুলাই মদৰ বিৰুদ্ধে আৰক্ষী-আবকাৰীৰ  অভিযান

অভিযান চলাই ৫০০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে উৎখাত কৰে কেইবাটাও চুলাই মদৰ ঘাটি

ৰঙাপৰাত চুলাই মদৰ বিৰুদ্ধে আৰক্ষী-আবকাৰীৰ  অভিযান

By

Published : Feb 24, 2019, 10:31 PM IST

তেজপুৰ,২৪ ফেব্ৰুৱাৰী: এইবাৰ চুলাই মদৰ বিৰূদ্ধে তৎপৰ আবকাৰী আৰু ৰঙাপৰা আৰক্ষী। শোণিতপুৰৰ ৰঙাপৰাৰ খেৰনিবস্তী, নামনিগাঁও, ঢোলকোবা চাহ বাগিছাৰ লগতেৰঙাপৰা ৰেলৱে ক'লনিত আৰক্ষীয়ে অভিযান চলাই অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰাৰ লগতে নষ্ট কৰে বহু পৰিমাণৰ চুলাই মদ ।

ৰঙাপৰাত চুলাই মদৰ বিৰুদ্ধে আৰক্ষী-আবকাৰীৰ অভিযান

বহু বছৰ ধৰি ৰঙাপৰাৰ বিভিন্ন চাহ বাগিচা, গাঁও অঞ্চলত অবৈধ চুলাই মদৰ ঘাটি চলাই থকাৰ পাচতো ৰঙাপৰা আবকাৰীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

কিন্তু দেওবাৰে ৰঙাপৰাত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ৰঙাপৰা আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই ৫০০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰে। অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় যদিও এজনো মদ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহয় আবকাৰী আৰু আৰক্ষী ৷

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি শোণিতপুৰৰ ৰঙাপৰাৰ একাংশ স্থানত আবকাৰীৰ সন্মুখতে নিৰ্বিঘ্নে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আহিছিল ৷ চুলাই মদৰ প্ৰচলন অব্যাহত থকাৰ পাচতো প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল বিয়াগোমআবকাৰী বিভাগে ৷ কিন্তু গোলাঘাট আৰু যোৰহাটত চুলাই মদ সেৱন কৰি শতাধিক লোকৰ মৃত্যু হোৱাৰ পাচতেআজি যেন হঠাৎ সাৰ পালে আবকাৰী বিভাগ ৷

ABOUT THE AUTHOR

...view details