অসম

assam

By

Published : May 26, 2021, 10:30 PM IST

ETV Bharat / state

জামুগুৰিহাটৰ পানপুৰত নিশা আৰক্ষীৰ শূণ্যলৈ গুলীচালনা

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাণপুৰত অমান্য ক’ভিড নিৰ্দেশনা ৷ ইয়াকে লৈ জামুগুৰি আৰক্ষী আৰু ব্যৱসায়ী সকলৰ মাজত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূণ্যলৈ গুলী চালনা ৷

open-fire-by-police-for-controll-situation-at-panpur
জামুগুৰিহাটৰ পানপুৰত নিশা আৰক্ষীৰ শূণ্যলৈ গুলীচালনা

চতিয়া, ২৬মে': সমগ্ৰ দেশতে ক’ভিড-19ৰ মহামাৰী ৰ আতংকৰ মাজতে মঙলবাৰে নিশা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাণপুৰত সংঘটিত হয় এক অবাঞ্চিত ঘটনা । চৰকাৰে জাৰি কৰা ক’ভিড-19ৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই জামুগুৰি আৰক্ষী চকীৰ অধীনস্থ পাণপুৰৰ দৈনিক বজাৰত একাংশ লোকে নিৰ্বিঘ্নে দোকান পোহাৰ চলাই থকাৰ সময়তে জামুগুৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া সহ আৰক্ষী টহলধাৰী দল উপস্থিত হৈ ব্যৱসায়ী সকলক দোকান পোহাৰ বন্ধ কৰিবলৈ আহ্বান জনোৱাত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷

জামুগুৰিহাটৰ পানপুৰত নিশা আৰক্ষীৰ শূণ্যলৈ গুলীচালনা

পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুছি যায় আৰু আৰক্ষীক আক্ৰমন কৰি আৰক্ষীৰ গাড়ীৰো ক্ষতিসাধন কৰে একাংশ লোকে । পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে শেষত জামুগুৰি আৰক্ষীয়ে উত্তেজিত লোকক নিয়ন্ত্ৰণ ৰ বাবে শূণ্যলৈ গুলি চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয় । এই ঘটনাই সমগ্ৰ জামুগুৰিহাটৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক :ওড়িশাত ঘূৰ্ণীবতাহ য়াছৰ ব্যাপক প্ৰভাৱ

ABOUT THE AUTHOR

...view details