তেজপুৰ, ২০ আগষ্ট :‘‘পূৰ্বতে অসম আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত থকা সীমা সমস্যাৰ ক্ষেত্ৰত চৰকাৰ উদাসীন আছিল ৷ এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যাৰ বিষয়টোত গুৰুত্ব দিয়া বাবেহে সীমান্তত এনে জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই নহয় কোনো চৰকাৰেই সীমা সমস্যাক লৈ ইমান সৰৱ হোৱা নাছিল ৷’’ এই মন্তব্য বৰচলাৰ বিজেপি বিধায়ক গণেশ লিম্বুৰ ৷
লগতে পঢ়ক :দশম শ্ৰেণীলৈ বাধ্যতামূলক হ'ল ভূগোল আৰু বুৰঞ্জী
বিগত ৫ টা বছৰে চৰকাৰে অসমৰ সীমা সমস্যা যিদৰে গুৰুত্ব দিব লাগিছিল সেয়া গুৰুত্ব নিদিলে বুলি উল্লেখ কৰি চুবুৰীয়া ৰাজ্যক এক ইঞ্চিও ভূমি এৰি নিদিয়াৰ হুংকাৰ বিধায়কজনৰ ৷ কিন্তু চুবুৰীয়া ৰাজ্যৰ মাজত সম্প্ৰীতিৰ কথাও উল্লেখ কৰিলে তেওঁ ৷ আনহাতে মেৰাপানীত চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন বা আক্ৰমণৰ ঘটনা নতুন কথা নহয়, ইয়াৰ আগতেও হৈছে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷
সীমা সমস্যাৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ লোৱা বুলি কয় গণেশ লিম্বুৱে ৷ শুকুৰবাৰে তেজপুৰত শোণিতপুৰ জিলা উপায়ুক্তৰ সভা কক্ষত অসম চৰকাৰৰ এশ দিনীয়া খতিয়ান অনুষ্ঠানত অংশ লয় বিধায়ক গৰাকীয়ে ৷ নিজৰ ভাষণত তেওঁ অসম আৰু চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যাৰ বিষয়টো উত্থাপন কৰিবলৈ গৈ পূৰ্বৰ নিজৰ চৰকাৰখনৰেই সমালোচনাত মুখৰ হৈ পৰে ৷