তেজপুৰ, 8 জানুৱাৰী:এখন ড্ৰাগছমুক্ত অসম গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্যৰ আৰক্ষী প্ৰশাাসনে যিমানেই কঠোৰ অভিযান চলাইছে সিমানেই একাংশ অপৰাধীয়ে ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে ৷ শোণিতপুৰ জিলাৰ আৰক্ষীয়ে জিলাখনত একেৰাহে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে (Operation against drugs in Tezpur) ৷ শনিবাৰে পুৱা তেজপুৰ বাৰঘাট আৰক্ষীয়ে ড্ৰাগছৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে (Drugs seized at Borghat) ৷
ঘটনা অনুসৰি এজন লোকে 20 গ্ৰামৰ সৰু সৰু বটলত ড্ৰাগছ ভৰাই আনি সৰবৰাহ কৰি আছিল ৷ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এজন যুৱকক ড্ৰাগছ কঢ়িয়াই আনোতে হাতে-লোটে ধৰা পেলায় (Sonitpur police operation against drugs)৷ ইতিমধ্যে আৰক্ষীয়ে সৰবৰাহকাৰীটোক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে (Police arrested one smuggler)৷ আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনি আৰক্ষী থানালৈ লৈ আহে ৷
লগতে পঢ়ক:War against Drugs: তেজপুৰত ড্ৰাগছসহ আৰক্ষীৰ জালত 6 সৰবৰাহকাৰী
উল্লেখ্য যে জিলাখনত বিগত বছৰত শোণিতপুৰ আৰক্ষীয়ে প্ৰায় 3 কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । 2022 চনত জিলাখনত 310.39 গ্ৰাম হেৰ'ইন, 435.943 কেজি গাঞ্জা, 100.43 গ্ৰাম অপিয়াম জব্দ কৰে । এই সমগ্ৰ মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ বজাৰ মূল্য 2 কোটি 53 লাখ 95 হাজাৰ 378 টকাৰ । জিলাখনত এই ঘটনাৰ লগত মুঠ 110 টা গোচৰ ৰুজু হৈছে আৰু 116 জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগৰলৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ কয় ৷
শোণিতপুৰ জিলাৰ বিভিন্ন আৰক্ষী চকী থানাৰ অধীনত এই সমাজ ব্যাধি মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ যোৱা 29 ডিচেম্বৰলৈ এই সমগ্ৰ তথ্য সংগ্ৰহ কৰা হৈছে ৷ ইয়াৰ পূৰ্বে জিলাখনত জব্দ কৰা নিচাযুক্ত সামগ্ৰীসমূহ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে জ্বলাই অনিষ্ট কৰি দিয়া হয় । জিলাখনত হেৰ'ইনৰ গোচৰ মুঠ 11 টা সংঘটিত হয় ইয়াৰ বিপৰীতে 12 টা গাঞ্জাৰ গোচৰ আৰু এটা মাত্ৰ অ’পিয়ামৰ গোচৰ ৰুজু হয় ।
আনহাতে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বৰ্তমানলৈকে অধিক পৰিমাণৰ গাঞ্জা আৰু ড্ৰাগছ জব্দ কৰা হৈছে ৷ আৰক্ষীয়ে মুঠ 2,55,850 টকা মূল্যৰ 5,117 কেজি গাঞ্জা আৰু হেৰ'ইনৰ 85.59 গ্ৰাম জব্দ কৰে ৷ জানিব পৰামতে জব্দকৃত নিচাযুক্ত সামগ্ৰীখিনিৰ বজাৰ মূল্য 17,01,180 টকা ৷
লগতে পঢ়ক:Drugs seized: তেজপুৰত ড্ৰাগছ সৰবৰাহকাৰীসহ হেৰ'ইন জব্দ