অসম

assam

By

Published : Oct 19, 2019, 11:00 PM IST

ETV Bharat / state

ৰঙাপৰাত শোকাৱহ ঘটনা,হাতীৰ আক্ৰমণত মত্যু এজন লোকৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত । শনিবাৰে নিশা হাতীৰ আক্ৰমণত মত্যু হ’ল এজন লোকৰ ৷

ৰঙাপৰাত শোকাৱহ ঘটনা, হাতীৰ আক্ৰমণত মত্যু এজন লোকৰ

ৰঙাপৰা,19 অক্টোবৰ:ৰঙাপৰাত সংঘটিত হ’ল এক হৃদয় বিদাৰক ঘটনা ৷ হাতীৰ আক্ৰমণত মত্যু হ’ল এজন লোকৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত ইতিমধ্যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শালবাৰী হৈ জনাঞ্চলৈ ওলাই আহিছে জাক জাক বনৰীয়া হাতী ।

হাতীৰ আক্ৰমণত মত্যু এজন লোকৰ

তেনে সময়তে সন্ধিয়া প্ৰায় 7 মান বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবস্তিত সংঘটিত হয় এই ঘটনা । বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজনৰ নাম হৈছে মানচিৎ ভেংৰা। ৰঙাপৰাৰ সোণাজুলি চাহ বাগিছাৰ 9 নং শ্ৰমিক লাইনৰ বাসিন্দা মানচিৎ ভেংৰা ৷ বনৰীয়া হাতীৰ পৰা টেঙাবস্তিত থকা ধাননি পথাৰ ৰক্ষা কৰাৰ উদ্দেশ্যৰে পথাৰলৈ অহাৰ সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ৷ ইতিমধ্যে ৰঙাপৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে।

ABOUT THE AUTHOR

...view details