চতিয়া,২২ ফেব্ৰুৱাৰী: জামুগুৰিহাটৰ নিকতৱৰ্তি ইটাখোলা উপ আৰক্ষী চকীৰ অন্তৰ্গত ১নং ইটাখোলাৰ মনাইৰ চিচি দলঙৰ ওচৰত সোমবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা ৷ আচমা তাতি নামৰ এজন লোকে নিজৰ ঘৰত কাম কৰি থকা সময়ত হঠাতে বিদুতৰ পৰিবাহী তাঁৰত লাগি কৰুণভাৱে মৃত্যুক আকোৱালি লয়। আচমা তাতিক বচাবলৈ গৈ গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় চূৰেশ তাতি আৰু জীৱন কৰ্মকাৰ নামৰ আন দুজন লোক।
জামুগুৰিহাটৰ ইটাখোলাত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু
নিজৰ ঘৰত কাম কৰি থকা সময়ত হঠাতে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণভাৱে মৃত্যুক আকোৱালি লয় জামুগুৰিহাটৰ এজন লোকে ৷
জামুগুৰিহাটৰ ইটাখোলাত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু
আনহাতে, এই ঘটনাত সমগ্ৰ ইটাখোলা অঞ্চলতে শোকৰ ছাঁ পৰিছে। স্থানীয় ৰাইজৰ মতে বিদ্যুৎ বিভাগৰ গাফিলতিত এই কৰুণ ঘটনাটো সংঘটিত হয়। ইতিমধ্যে ইটাখোলা উপ আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত দেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰাৰ লগতে আহত দুজনক উত্তৰ জামুগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।