অসম

assam

ETV Bharat / state

ৰাজনৈতিক নেতাৰ ফটো বিকৃত কৰি ৰঙাঘৰৰ আলহী হ'ল ঢেকীয়াজুলিৰ এজন যুৱক

ছ'চিয়েল মিডিয়াত ৰাজনৈতিক নেতাৰ ফটো বিকৃত কৰাৰ লগতে অশ্লীল মন্তব্য প্ৰদান কৰাৰ বাবে গ্ৰেপ্তাৰ হ'ল ঢেকীয়াজুলিৰ মন্দিছ আলি

By

Published : Jun 27, 2019, 10:55 PM IST

ৰঙাঘৰৰ আলহী হ'ল ঢেকীয়াজুলিৰ এজন যুৱক

তেজপুৰ,২৭জুন: ছ'চিয়েল মিডিয়াত ৰাজনৈতিক নেতাৰ ফটো বিকৃত কৰাৰ লগতে অশ্লীল মন্তব্য প্ৰদান কৰি ৰঙা ঘৰৰ আলহী হ'ল ঢেকীয়াজুলিৰ এজন যুৱক। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফটো বিকৃত কৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে সেই ফটোৰ ওপৰত বিকৃত মন্তব্য কৰি পোষ্ট কৰিছিল ঢেকীয়াজুলিৰ মন্দিছ আলি নামৰ এই যুৱকজনে।

ৰঙাঘৰৰ আলহী হ'ল ঢেকীয়াজুলিৰ এজন যুৱক
ইতিমধ্যে চাইবাৰ অপৰাধত জড়িত কেইবাজনো অপৰাধীক শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰধান মন্ত্ৰীৰ ফটো বিকৃত কৰি বিৰূপ মন্তব্য কৰিছিল এইজন যুৱকে। আৰক্ষীয়ে বুধবাৰে মন্দিছক গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰিছে।

ABOUT THE AUTHOR

...view details