তেজপুৰ, ২৪ মে':তেজপুৰ তল কলিবাৰীত অঘটন । ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন লোকৰ।
প্ৰাপ্ত তথ্য অনুসৰি, তেজপুৰ তল কলিবাৰীৰ নিবাসী গংগা দাস নামৰ লোক জনে গৰম লগাৰ বাবে নদীত গা ধুবলৈ গৈছিল ৷ গা ধুবলৈ গৈ হঠাতেই নদীত বুৰ যায় গংগা দাস ৷ লোক জনক তেখেতৰ বন্ধুৱে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও নদীৰ বাঢ়নী পানীত বুৰ যায় মৃত্যু হয় তেখেতৰ ৷