তেজপুৰ, 15 আগষ্ট :আজি স্বাধীনতা দিৱস ৷ দেশজুৰি 77 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ উলহ মালহৰ মাজতে আজিৰ দিনটোত দেশৰ কেইবাখনো ৰাজ্যৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷
মঙলবাৰে তেজপুৰৰ শালনিবাৰীত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । শালনিবাৰী আৰক্ষী চকীৰ অধীনত সন্ধিয়া প্ৰায় ৭.৩০ বজাত দুখন স্কুটীয়ে অভাৰটেক কৰি পাৰ হ’বলৈ লওঁতেই এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষত পতিত হয় ৷
আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, এই দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্য হয় ৷ মৃত যুৱকজনৰ নাম অৰুণ বাছফৰ বুলি জানিব পৰা গৈছে ৷ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হয় ৷ অৰুণ তেজপুৰ হৰিজন কলনীৰ বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, ১৫ আগষ্টৰ উপলক্ষে অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ পৰা পিকনিক খাই ঘূৰি আহি এখন স্কুটীৰ আৰোহীয়ে একেদিশৰে আহি থকা এখন স্কুটীক তীব্র বেগেৰে অতিক্ৰম কৰিব লওঁতেই প্ৰথমে আনখন স্কুটীক খুন্দা মাৰি তাৰ পিচত তেজপুৰ দিশৰ পৰা বালিপাৰা দিশে গৈ থকা এখন ট্ৰাকত গৈ খুন্দা মাৰে ৷