অসম

assam

By

Published : Jun 13, 2020, 7:45 PM IST

ETV Bharat / state

COVID-19ত আক্ৰান্ত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী কাৰাবন্দী

গুৱাহাটীৰ কাৰাগাৰৰ পৰা আহি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা কাৰাবন্দী এগৰাকীৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

one-covid-patient-found-at-tezpur-central-jail
COVID-19ত আক্ৰান্ত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী কাৰাবন্দী

তেজপুৰ,১৩ জুনঃতেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কৰ'ণাতংক। শনিবাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ গগণ ৰাজবংশী নামৰ 21 বছৰীয়া কাৰাবন্দীৰ দেহত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতে স্বাস্থ্য বিভাগে কাৰাগাৰৰ পৰা তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে কয়দীজনক ।

COVID-19ত আক্ৰান্ত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী কাৰাবন্দী
উল্লেখযোগ্য যে, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত এজন কাৰাবন্দী COVID-19ত আক্ৰান্ত হোৱাৰ পিছত প্ৰশাসনে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ কনটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি আন আন কাৰাবন্দীক নিৰাপত্তাৰ বাবে অসমৰ বিভিন্ন কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । আনহাতে গুৱাহাটীৰ কাৰাগাৰৰ পৰা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আন কাৰাবন্দীৰ লগত প্ৰেৰণ কৰা গগণ ৰাজবংশীক যোৱা ১০ জুনত তেজপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । গুৱাহাটীৰ জনকপুৰৰ বাসিন্দা গগণ ৰাজবংশীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন আছিল হাতী গাঁও আৰক্ষী থানাত।

ABOUT THE AUTHOR

...view details