অসম

assam

উৎকোচ লৈ জালত পৰিল APDCLৰ শীৰ্ষ বিষয়া

By

Published : Dec 7, 2019, 10:28 AM IST

মিছন চাৰিআলিৰ KF নামৰ হোটেল খনত ঠিকাদাৰৰ পৰা ৮০ হেজাৰ টকা উৎকোচ লোৱা সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়া গৰাকীক ৷ ঠিকাদাৰ দিগন্ত গোস্বামীৰ পৰা তিনি লাখ টকা উৎকোচ বিচাৰিছিল প্ৰকাশ ৰঞ্জন দত্তই ৷

তেজপুৰ
উৎকোচ লৈ জালত পৰিল APDCLৰ শীৰ্ষ বিষয়া

তেজপুৰ,৭ ডিচেম্বৰ: তেজপুৰত ভিজিলেঞ্চ এণ্ড এণ্টিকৰাপশ্যন বিভাগৰ অভিযান ৷ জালত পৰিল APDCLৰ তেজপুৰস্থিত শীৰ্ষ বিষয়া ৷ উৎকোচ লোৱাৰ সময়তে শুকুৰবাৰে হাতে লোটে ধৰা পৰিল তেজপুৰ টেষ্টটিং এণ্ড কমিচনিং ডিভিজনৰ সহকাৰী জেনেৰেল মেনেজাৰ প্ৰকাশ ৰঞ্জন দত্ত

উৎকোচ লৈ জালত পৰিল APDCLৰ শীৰ্ষ বিষয়া


উল্লেখ্য যে,মিছন চাৰিআলিৰ KF নামৰ হোটেল খনত ঠিকাদাৰৰ পৰা ৮০ হেজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়া গৰাকীক ৷ ঠিকাদাৰ দিগন্ত গোস্বামীৰ পৰা তিনি লাখ টকা উৎকোচ বিচাৰিছিল প্ৰকাশ ৰঞ্জন দত্তই ৷ ডাবৰ কোম্পানীত চ'লাৰ মিটাৰ লগোৱাৰ বাবে বিচাৰিছিল তিনি লাখ টকাৰ উৎকোচ ৷ তিনি লাখ টকাৰ পৰা পাচত দুয়ো গৰাকীৰ মাজত বন্দোবস্তি হৈছিল ৮০ হেজাৰ টকাত ৷ তাৰ পাচতে প্ৰকাশ ৰঞ্জন দত্তৰ বিৰুদ্ধে ঠিকাদাৰ দিগন্ত গোস্বামীয়ে অভিযোগ উত্থাপন কৰিছিল দুৰ্নীতি নিবাৰক শাখাত ৷ এই উৎকোচ কাণ্ডৰ লগত সংমণ্ডলটোৰ সহকাৰী মেনেজাৰ জীতেন কুমাৰ ঢেকিয়াল ফুকন নামৰ বিষয়াজনো জড়িত থকাৰ অভিযোগ ঠিকাদাৰ গৰাকীৰ ৷ ইতিমধ্যে ঢেকিয়াল ফুকনৰ বিৰুদ্ধে নগাঁৱত অভিযান চলাইছে দুৰ্নীতি নিবাৰক শাখাই ৷

উৎকোচ লৈ জালত পৰিল APDCLৰ শীৰ্ষ বিষয়া

আৰু পঢ়কঃ টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ ছুইচাইড নোট উদ্ধাৰ

ABOUT THE AUTHOR

...view details