অসম

assam

By

Published : Nov 1, 2022, 10:52 AM IST

ETV Bharat / state

Kolia Bhomora Setu: আজিৰে পৰা বন্ধ হ’ব প্ৰথমখন কলীয়া ভোমোৰা দলং

বন্ধ হ’বলৈ গৈ আছে 1987 চনৰ 14 এপ্ৰিলত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে সাত ভনীৰ নামত উৎসৰ্গা কৰা 3.25 কিলোমিটাৰ দৈৰ্ঘৰ ঐতিহাসিক কলীয়া ভোমোৰাৰ প্ৰথমখন দলং (Kolia Bhomora bridge closed)৷ ইয়াৰ বিপৰীতে কোনো অনুষ্ঠানিকতা নোহোৱাকৈ যাতায়তৰ বাবে হয়তু আজি মুকলি কৰা হ’ব নৱ নিৰ্মিত কলীয়া ভোমোৰাৰ দ্বিতীয়খন দলং ৷

Kolia Bhomora bridge closed
আজিৰে পৰা বন্ধ হ’ব কলীয়া ভোমোৰা প্ৰথমখন দলং !

তেজপুৰ, ১ নৱেম্বৰ : আজিৰে পৰা যাতায়তৰ বাবে সম্পূৰ্ণ বন্ধ হোৱাৰ দিশে কলীয়া ভোমোৰাৰ প্ৰথমখন সেঁতু (Kolia Bhomora bridge closed) । তেজপুৰ আৰু নগাঁও, গোলাঘাট জিলাৰ সংলগ্ন কলিয়াবৰৰ পৰা তেজপুৰ দোলাবাৰী সংযোগী 37(A) পুৰণি দলংখন পুনৰ মেৰামতি কৰিবলৈ বন্ধ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

আনহাতে, ইয়াৰ সমান্তৰালভাৱে কোনো অনুষ্ঠানিকতা নোহোৱাকৈ যাতায়তৰ বাবে মুকলি কৰা হ’ব নৱ নিৰ্মিত কলীয়া ভোমোৰাৰ দ্বিতীয়খন দলং (2nd bridge of Kolia Bhomora) । 1987 চনৰ 14 এপ্ৰিলত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে সাত ভনীৰ নামত উৎসৰ্গা কৰিছিল 3.25 কিলোমিটাৰ দৈৰ্ঘৰ এই ঐতিহাসিক দলংখন (Kolia Bhomora bridge news)৷

1987 চনতে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে বিহুৰ উপহাৰ হিচাবে অসমবাসীক প্ৰদান কৰা এই ঐতিহাসিক দলংখনৰ বৰ্তমানৰ অৱস্থা কিছু অনুন্নত ৷ জানিব পৰা মতে, এই দলংসখনৰ দুই-তিনিটা খুটা ইতিমধ্যে বহি গৈছে ৷ যাৰ ফলত দলঙৰ ওপৰৰ অংশত বৃহৎ বৃহৎ ফাঁট মেলাৰ উপক্ৰম হৈছে ৷ যাক লৈ চিন্তিত হৈছে ৰাজ্য চৰকাৰ কিম্বা প্ৰশাসন বিভাগ ৷

আজিৰে পৰা বন্ধ হ’ব কলীয়া ভোমোৰা প্ৰথমখন দলং !

সেয়েহে এই ঐতিহাসিক কলীয়া ভোমোৰাৰ প্ৰথমখন সেঁতু বন্ধ কৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগৰ তৰফৰ পৰা ৷ ইয়াৰ উপৰিও এই দলংখনত থকা ষ্ট্ৰীট লাইটবোৰৰ অধিকাংশই বেয়া হৈছে ৷ নিশা ষ্ট্ৰীট লাইটবোৰ নজ্বলাৰ ফলত এই দলংখনত বহুবাৰ ডাঙৰ ডাঙৰ দুৰ্ঘটনাও সংঘটিত হৈছে ৷ সেয়ে এই পুৰণি দলংখন পুনৰ নিৰ্মাণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

ইয়াৰে সমান্তৰালভাৱে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে কলীয়া ভোমোৰাৰ দ্বিতীয়খন দলং ৷ মুঠ 588.95 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দলংখনে উত্তৰ পাৰৰ সীমান্তলৈ যোগাযোগ ব্যৱস্থা সুচল হোৱাৰ উপৰিও সেনাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি ।

দৈনিক ভাৰতীয় সেনাৰ বাহন অহা যোৱাৰ লগতে অন্যান্য সুৰক্ষা বিভাগৰ বাবে এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে যথেষ্টখিনি সকাহ হ’ব বুলি ক’ব পাৰি ৷ উত্তৰ অসমৰ চাৰিখন জিলা আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা পাছিঘাট আৰু পশ্চিম টাৱাং, পশ্চিম কামেঙকে ধৰি অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তৰ যোগাযোগ ব্যৱস্থাৰ এইখনেই অন্যতম দলং হিচাবে ইতিমধ্যে বিবেচিত হৈছে ।

লগতে পঢ়ক :Kolia Bhomora bridge closed: 1 নৱেম্বৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব কলীয়া ভোমোৰা দলং

ABOUT THE AUTHOR

...view details