অসম

assam

ETV Bharat / state

নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত বাধ্যতামূলক কোভিড প্ৰতিষেধক - অসম বিধানসভা নিৰ্বাচন

শোণিতপুৰত নিৰ্বাচনী বিষয়া-কৰ্মচাৰীয়ে ল’ব লাগিব কোভিড-19 ৰ প্ৰতিষেধক ৷ আগন্তুক নিৰ্বাচনত শোণিতপুৰত নিয়োজিত হ'ব মুঠ 9 হাজাৰ বিষয়া-কৰ্মচাৰী ৷ 7 মাৰ্চৰ ভিতৰত গ্ৰহণ কৰিব লাগিব এই প্ৰতিষেধক ৷

officials engaged in election to receive covid vaccine
officials engaged in election to receive covid vaccine

By

Published : Mar 4, 2021, 1:39 PM IST

তেজপুৰ,4 মাৰ্চ:আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে শোণিতপুৰত নিয়োজিত হ’বলগীয়া বিষয়া-কৰ্মচাৰীসকলে ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব ৷ শোণিতপুৰৰ মুঠ 26 টা ভোটকেন্দ্ৰত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে 7 মাৰ্চৰ ভিতৰত গ্ৰহণ কৰিব লাগিব প্ৰতিষেধক ৷ জিলা নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ প্ৰতাপ সিঙে এই কথা সদৰী কৰে ৷ এইবেলি নিৰ্বাচনত জিলাখনত নিয়োজিত হ’ব 9 হাজাৰ বিষয়া-কৰ্মচাৰী ৷

আগন্তুক নিৰ্বাচনৰ বাবে শোণিতপুৰত নিয়োজিত হ'ব মুঠ 9 হাজাৰ বিষয়া-কৰ্মচাৰী

তেওঁ এই কথাও জানিবলৈ দিয়ে যে, যি সকল বিষয়া কৰ্মচাৰীৰ দেহত ক'ভিড-19 ৰ লক্ষণ দেখা যাব, তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে ক'ভিড-19 ৰ পৰীক্ষা কৰিব লাগিব ৷ ক'ভিড প্ৰট'কল অনুসৰি নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুযায়ী, 80 বছৰৰ ঊৰ্ধৰ ব্যক্তি, বিশেষভাৱে সক্ষম, নিৰ্বাচনত নিয়োজিত বিশেষ সেৱা আৰু সাংবাদিকসকলৰ বাবেও এইবাৰ নিৰ্বাচনত পোষ্টেল বেলটৰ ব্যৱস্থা কৰা হৈছে ৷ বেলটৰ প্ৰয়োজনীয় প্ৰ-পত্ৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উপলব্ধ হ’ব ৷

লগতে পঢ়ক:নিৰ্বাচনী প্ৰচাৰৰ দৌৰত আন্তঃৰাষ্ট্ৰীয় আগৰ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details