তেজপুৰ,৫ মে’:শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ পুঠিমাৰি বাপুভেটিত হোৱা খাদ্যৰ বিষক্ৰিয়াৰ (Food poisoning in Poothimari ) ঘটনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা প্ৰায় ৩৫০ জনলৈ বৃদ্ধি পাইছে (numbers of food poisoning affected people increased) ৷ এই সকলৰ ভিতৰত আছে ২৮ টাকৈ শিশু ৷ মঙলবাৰে নিশাৰ পৰা আৰম্ভ হোৱা খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত সকলৰ চিকিৎসা অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে পুনৰ ১০৯জন নতুনকৈ আক্ৰান্ত হয় ৷
উল্লেখযোগ্য যে, অঞ্চলটোৰ বাসিন্দা প্ৰসন্ন বৰাৰ বিবাহৰ অভ্যৰ্থনাৰ খাদ্য গ্ৰহণৰ পাছতে এই লোক সকল বিষক্ৰিয়াত আক্ৰান্ত হোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে বিহুগুৰি খণ্ড প্ৰাথমিক চিকিৎসালয় আৰু বিবাহ অনুষ্ঠিত হোৱা লোকজনৰ বাসগৃহৰ চৌহদতে অস্থায়ী চিকিৎসা শিৱিৰত চিকিৎসা আৰম্ভ কৰা হয় ৷ বৰ্তমান মুঠ ২৭০ জন লোক চিকিৎসাধীন হৈ আছে আৰু এইসকলৰ ভিতৰত ১০ জন বিহগুৰি খণ্ড প্ৰাথমিক চিকিৎসালয়ত, ৬০ জন তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু দুশ জনক বাপুভেটি প্ৰাথমিক বিদ্যালয়ত চিকিৎসা শিৱিৰ স্থাপন কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ।