তেজপুৰ,১৫ ছেপ্টেম্বৰ : ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৰ্তমান পৰ্যন্ত ৰাজ্যত আক্ৰান্তৰ সংখ্যা 1,44,166 লৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যা 482 জনলৈ বৃদ্ধি পাইছে ৷
ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালভাৱে তেজপুৰটো প্ৰতিদিনেই বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । তেজপুৰত দৈনিক বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷ সোমবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত চেন্নাইৰ গ্লোবেল হাস্পতালত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে তেজপুৰৰ নপাম নিবাসী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী খোকন সৰকাৰৰ ৷ আনহাতে তেজপুৰ মেডিকেলত মৃত্যু ঘটিছে কৃষ্ণ বাস্তুলা মানচিৰি আৰু দিলীপ দত্ত নামৰ লোক দুজনৰ ৷