তেজপুৰ, ৮ মে': দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে অসমত মুকলি কৰিলে সংবিধানৰ চিপাহী শীৰ্ষক এক বিশেষ কাৰ্যসূচী ৷ সোমবাৰে তেজপুৰত সংবিধানৰ চিপাহী শীৰ্ষক এই কাৰ্যসূচী মুকলি কৰে এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুশেষ শৰ্মাই ৷ দেশৰ ছাত্ৰ সমাজক জাগ্ৰত কৰাৰ উদ্দেশ্যৰেই এই কাৰ্যসূচীৰ আৰম্ভণি কৰা বুলি জানিবলৈ দিছে ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াই (NSUI inaugurates Samvidhan Ki Sipahi Programme) ৷
কাৰ্যসূচী মুকলি কৰাৰ পাচতেই এক সংবাদমেল সম্বোধন কৰে এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুশেষ শৰ্মাই ৷ সংবাদমেলৰ যোগেদি এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে কয় যে, আমাৰ যি সমূহ সংবিধান প্ৰদত্ত অধিকাৰ; সেই অধিকাৰ সমূহ অমাৰ পৰা বৰ্তমান কাঢ়ি লোৱা হৈছে ৷ ছাত্ৰ সমাজৰ সমস্যাক লৈ চৰকাৰে বৰ্তমান কোনো মাত মতা নাই, ছাত্ৰ-ছাত্ৰী সকলৰ সমস্যা যেনে- নিবনুৱা সমস্যা, শিক্ষা খণ্ডৰ ব্যক্তিগতকৰণ, নামভৰ্তিৰ মাচুল বৃদ্ধি, প্ৰশ্নকাকত ফাদিল আদিৰ দৰে সমস্যা সমূহ চৰকাৰে আলোচনা কৰা নাই (Samvidhan Ki Sipahi Programme) ৷
তেওঁ লগতে কয় যে, চৰকাৰে কেৱল হিন্দু-মুছলিমৰ ৰাজনীতিৰ বিষয়ে আলোচনা কৰে, এটা জাতিৰ সৈতে আন এটা জাতিৰ মাজত সংঘৰ্ষ সৃষ্টিৰ চেষ্টাৰ আলোচনাহে কৰে বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে ৷ গতিকে সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি, ছাত্ৰ শক্তিক জাগ্ৰত কৰাৰ উদ্দেশ্যৰে অসমত এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি কয় সম্পাদক গৰাকীয়ে ৷ তেজপুৰৰ পাছত এই কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত চলোৱা হ’ব বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে (Anushesh Sharma Inaugurate Samvidhan Ki Sipahi Programme)