অসম

assam

তেজপুৰত এন এছ চি এনৰ দুৰ্ধষ কেডাৰ আটক

By

Published : Nov 7, 2020, 11:35 AM IST

তেজপুৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা অভিযানত মিছন চাৰিআলিৰ পৰা আটক কৰে এজন এন এছ চি এন (আই এম) ৰ এজন দুৰ্ধষ কেডাৰৰ লগতে অৰুণাচলৰ এন পিপি লংডিঙৰ এজন উপ সভাপতি ৷

nscn-im-cader-arrested-at-tezpur
তেজপুৰত এন এছ চি এনৰ দুৰ্ধষ কেডাৰ আটক

তেজপুৰ, 7 নৱেম্বৰ: তেজপুৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ আৰক্ষীৰ জালত পৰিছে এন এছ চি এন (আই এম)ৰ এজন দুৰ্ধষ কেডাৰৰ লগতে অৰুণাচলৰ এন পিপি লংডিঙৰ এজন উপ সভাপতি ৷

তেজপুৰত এন এছ চি এনৰ দুৰ্ধষ কেডাৰ আটক

ভাৰতীয় সেনাৰ চোৰাং চোৱাৰ পৰা পোৱা খবৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে মিছন চাৰিআলিৰ পৰা আটক কৰিছে কেডাৰ জনক ৷ সেনাৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আটক হোৱা কেডাৰ খাম্পাই ৱাংশু (32) ৷ ধৃত কেডাৰ জনৰ পৰা এটা পিষ্টল আৰু চাৰি জাই সঁজীৱ গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

তেজপুৰত এন এছ চি এনৰ দুৰ্ধষ কেডাৰ আটক

উল্লেখ্য যে,কেডাৰজন এন পিপি ৰ উপ-সভাপতি খুঙী মীক্ষামৰ লগত ডিমাপুৰৰ পৰা ইটানগৰলৈ গৈ থকা অৱস্থাত তেজপুৰ মিছন চাৰিআলিত আটক কৰে আৰক্ষীয়ে ৷ দুটা পৃথক সংগঠনৰ দুয়ো জন নেতা কিয় এনেদৰে লগ হৈছিল সেই বিষয়ে সৃষ্টি হৈছে বহু প্ৰশ্ন ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ শীৰ্ষ বিষয়াই ৷

লগতে পঢ়কঃ অবৈধভাৱে ভাৰতত থকা পাকিস্তানী নাগৰিকক জেললৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details