তেজপুৰ, ৯ নৱেম্বৰ: শেহতীয়াকৈ তেজপুৰত আটক কৰা এন. এছ. চি. এন. (আই এম ) ৰ এজন দুৰ্ধৰ্ষ কেডাৰ আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰক্ষী আৰু চোৰাংচোৱা সংস্থা সমূহৰ মাজত ।
যোৱা শুকুৰবাৰে সন্ধিয়া তেজপুৰ মিচন চাৰিআলিৰ পৰা কলকাতাৰ ভাৰতীয় সেনাৰ চোৰাংচোৱা সংস্থাৰ খবৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে আটক কৰিছে দুধৰ্ষ কেডাৰক । অৰুণাচল প্ৰদেশৰ লংডিঙৰ বাসিন্দা খাম্পাই ৱাংশু (৩২) য়ে বাহৰ পাতিছিল নাগালেণ্ডৰ ডিমাপুৰত লগত অৰুণাচল প্ৰদেশৰ নেচনেল পিপুলছ পাৰ্টীৰ লংডিঙৰ উপ সভাপতি খুঙী মীক্ষমৰ লগত । চোৰাংচোৱা সংস্থাৰ এক সূত্ৰৰ মতে এন এছ চি এন (আই এম) ৰ কেডাৰে এতিয়া অব্যাহত ৰাখিছে ধন দাবী, হত্যা আৰু লুণ্ঠন । তদুপৰি সংগঠনটোৱে ৰাজনৈতিক নেতালৈ দিছে ধন দাবী পত্ৰ আৰু এই ধন দাবী পত্ৰ ইতিমধ্যে প্ৰেৰণ হৈছে । কিন্তু এতিয়া প্ৰশ্ন হৈছে এই ধন দাবী অসমৰ তথা চুবুৰীয়া সীমান্তৰ কোনো ৰাজনৈতিক দলৰ নেতালৈ প্ৰেৰণ কৰিছে নেকি ! যদি কৰিছে তেতিয়াহলে কি ব্যৱস্থা গ্ৰহণ কৰিব সুৰক্ষা বিভাগে ?
এন এছ চি এন(আই এম)য়ে ৰাজনৈতিক নেতাক ধন দাবীৰ আশংকা
চোৰাংচোৱা সংস্থাৰ এক সূত্ৰৰ মতে, এন এছ চি এন (আই এম) ৰ কেডাৰে এতিয়া অব্যাহত ৰাখিছে ধন দাবী, হত্যা আৰু লুণ্ঠন । তদুপৰি সংগঠনটোৱে ৰাজনৈতিক নেতালৈ দিছে ধন দাবী পত্ৰ আৰু এই ধন দাবী পত্ৰ ইতিমধ্যে প্ৰেৰণ হৈছে । কিন্তু এতিয়া প্ৰশ্ন হৈছে এই ধন দাবী অসমৰ তথা চুবুৰীয়া সীমান্তৰ কোনো ৰাজনৈতিক দলৰ নেতালৈ প্ৰেৰণ কৰিছে নেকি !
এন এছ চি এন(আই এম)য়ে ৰাজনৈতিক নেতাক ধন দাবীৰ আশংকা
লগতে পঢ়ক: সদৌ বিটিএডি নাথ-যোগী সন্মিলনীৰ শপত গ্ৰহণ