অসম

assam

Hemanta Kumar Baruah's death anniversary: তেজপুৰত সাহিত্যিক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু দিৱস পালন

By

Published : Oct 29, 2022, 6:57 PM IST

তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব তথা সাহিত্যিক হেমন্ত কুমাৰ বৰুৱাক প্ৰথম মৃত্যুবাৰ্ষিকীত সোঁৱৰণ(Noted Assamese litterateur Hemanta Kumar Baruah) ৷ "হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি"ৰ উদ্যোগত বাণ থিয়েটাৰত আয়োজিত অনুষ্ঠানটোত সোঁৱৰণী গ্ৰন্থ "সব্যসাচী"খন উন্মোচন কৰা হয় ৷ লগতে বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী তথা অভিনেতা গুণাকৰ দেৱগোস্বামীক প্ৰথমবাৰৰ বাবে "হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা" প্ৰদান কৰা হয় ।

Hemanta Kumar Baruahs first death anniversary
তেজপুৰত সাহিত্যিক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু দিৱস পালন

তেজপুৰ, ২৯ অক্টোবৰ: তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব তথা সাহিত্যিক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ দিনটোত তেজপুৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানে অশ্ৰুসিক্ত নয়নেৰে তেখেতক স্মৰণ কৰে(Hemanta Kumar Baruah's first death anniversary) ৷ "হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি"ৰ উদ্যোগত বাণ থিয়েটাৰত অনুষ্ঠিত এই বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সোঁৱৰণী গ্ৰন্থ "সব্যসাচী"খন উন্মোচন কৰে ৷ সভাত অসমৰ বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী তথা অভিনেতা গুণাকৰ দেৱগোস্বামীক প্ৰথমবাৰৰ বাবে "হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা" প্ৰদান কৰা হয় ।

তেজপুৰত সাহিত্যিক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু দিৱস পালন

উল্লেখ্য যে, যিসমূহ অনুষ্ঠানৰ লগত হেমন্ত কুমাৰ বৰুৱা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল সেই অনুষ্ঠানসমূহৰ বিভিন্ন মুহূৰ্তৰ ফটোৰে নান্দনিক ৰূপত সজাই তোলা হয় হয় বাণ থিয়েটাৰ প্ৰাংগন ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে । সভাৰ কাৰ্যসূচী অনুসৰি পুৱা তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সহধৰ্মিনী হিমাদ্ৰী বৰুৱা আৰু কন্যা অংকিতা বৰুৱাই ।

তেজপুৰত সাহিত্যিক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু দিৱস পালন

সোঁৱৰণী গ্ৰন্থৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত স্মৃতি ৰক্ষা সমিতিৰ উপ সভাপতি জিতুমণি দেৱচৌধুৰীয়ে আদৰণি ভাষণ দিয়ে ৷ ইয়াৰ পাছতেই শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সোঁৱৰণী গ্ৰন্থ "সব্যসাচী" উন্মোচন কৰি ভাষণ প্ৰসংগত হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিভা তথা তেওঁৰ সমাজ হিতৈষীৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে গুণাকৰ দেৱগোস্বামীক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান কৰে ।

তেজপুৰত সাহিত্যিক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু দিৱস পালন

গুণাকৰ দেৱগোস্বামীক বঁটা প্ৰদান কৰি সাংসদ পল্লৱ লোচন দাসে হেমন্ত কুমাৰ বৰুৱাই বিভিন্ন সময়ত প্ৰদান কৰা মাৰ্গদৰ্শনৰ স্মৃতি ৰোমন্থন কৰে ৷ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, এমট্ৰ’নৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়া, বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ বৰুৱা, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, শোণিতপুৰ শিল্পী সমাজৰ অপূৰ্ব শইকীয়া অংশগ্ৰহণ কৰা অনুষ্ঠানটিত বঁটা প্ৰাপক গুণাকৰ দেৱগোস্বামীয়ে সমাজমুখী, জীৱনমুখী বহুমুখী প্ৰতিভাধৰক জীয়াই ৰাখিবলৈ তেজপুৰীয়া ৰাইজে গ্ৰহণ কৰা এনে পদক্ষেপক শলাগ লয় ।

লগতে পঢ়ক :Miya Museum controversy: মিঞা মিউজিয়ামক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ABOUT THE AUTHOR

...view details