অসম

assam

ETV Bharat / state

North East Theatre Festival-2022: তেজপুৰৰ বান থিয়েটাৰত উত্তৰ-পূব থিয়েটাৰ উৎসৱ-২০২২ - Heritage Ban theatre of Tezp

১৫ তাৰিখৰে পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হৈছে "উত্তৰ পূব থিয়েটাৰ উৎসৱ-২০২২" । দেশৰ আগশাৰীৰ নাট্যদলৰ চাৰিখনকৈ বিখ্যাত নাটকেৰে আৰম্ভ কৰা হয় এই থিয়েটাৰ উৎসৱ । প্ৰথম দিনাৰ প্ৰথমখনি নাট "অভিজ্ঞানম শকুন্তলম" মঞ্চস্থ কৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰেপাৰেটৰী দলে(North East Theatre Festival-2022 at Ban Theatre) ।

North East Theatre Festival 2022 at Ban Theatre
তেজপুৰৰ বান থিয়েটাৰত উত্তৰ-পূব থিয়েটাৰ উৎসৱ-২০২২

By

Published : Dec 17, 2022, 10:15 AM IST

তেজপুৰ, ১৬ ডিচেম্বৰ:ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (National School of Drama) উদ্যোগত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত কৰা হৈছে "উত্তৰ পূব থিয়েটাৰ উৎসৱ-২০২২" (North East Theatre Festival-2022) । ১৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে দেশৰ কেইবাটাও আগশাৰীৰ নাট্যদলৰ চাৰিখনকৈ বিখ্যাত নাটক মঞ্চস্থ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱৰ ।

তেজপুৰৰ বান থিয়েটাৰত উত্তৰ-পূব থিয়েটাৰ উৎসৱ-২০২২

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত ১৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত এই থিয়েটাৰ উৎসৱ ১৫ ডিচেম্বৰৰ সন্ধিয়া বাণ থিয়েটাৰৰ উপ-সভাপতিদ্বয় ভৱানন্দ দাস, দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ নাতি তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সঞ্জীৱ গোহাঞি বৰুৱাই (North East Theatre Festival-2022 at Ban Theatre) ।

তেজপুৰৰ বান থিয়েটাৰত উত্তৰ-পূব থিয়েটাৰ উৎসৱ-২০২২

উদ্বোধনী ভাষণত সঞ্জীৱ গোহাঞি বৰুৱাই বাণ থিয়েটাৰৰ পৱিত্ৰ মজিয়াত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে নাট মহোৎসৱ উদযাপন কৰাটো এক আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰে । তেওঁ লগতে অসমৰ নাটশিল্প আজি সমগ্ৰ ভাৰততে বন্দিত হৈছে বুলি উল্লেখ কৰে (Heritage Ban theatre of Tezpur) ।

তেজপুৰৰ বান থিয়েটাৰত উত্তৰ-পূব থিয়েটাৰ উৎসৱ-২০২২

উল্লেখ্য যে, বাণ থিয়েটাৰৰ উপসভাপতিদ্বয় ভৱানন্দ দাস, দিলীপ বৰা আৰু সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়েও চমুকৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে । ইয়াৰ পিছতেই প্ৰথম দিনটোত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰেপাৰেটৰী দলে মঞ্চস্থ কৰে পদ্মশ্ৰী অধ্যাপক বিদুষী ৰীতা গাংগুলী পৰিচালিত মহাকবি কালিদাসৰ "অভিজ্ঞানম শকুন্তলম" (Abhignanam Shakuntalam) শীৰ্ষক নাটকখন । ভাৰতীয় নাট্য শাস্ত্ৰৰ পৰম্পৰাৰে সম্পূৰ্ণ মাংগলিক পৰিৱেশত সহযোগী অনুষ্ঠান বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীক মঞ্চলৈ আগবঢ়াই নি চৰিয়াত দুভৰি ধুৱাই, মাল্যাৰ্পণ কৰি নাটকখনি আৰম্ভ কৰা হয় ।

লগতে পঢ়ক:Leopard trapped in Dibrugarh : বকুল চাহ বাগিচাৰ চাউলখোৱাত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী

ABOUT THE AUTHOR

...view details