তেজপুৰ, ১ আগষ্ট: ‘‘মণিপুৰৰ দুই জনগোষ্ঠীৰ মাজত হোৱা হিংসাৰ আঘাত বৰ ‘দ’, এই আঘাত সমন্বয়ৰ মাজৰে সদভাৱ আনিব লাগিব । মণিপুৰৰ ৰাইজ অকলশৰীয়া নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজ মণিপুৰৰ লগত আছে ’’, এই মন্তব্য উত্তৰ-পূব ছাত্ৰ সংগঠনৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷
মঙলবাৰে মণিপুৰত মেইটেই জনগোষ্ঠীৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ ইটিভি ভাৰতৰ জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক টেলিফোন বাৰ্তালাপত ড৹ ভট্টাচাৰ্যই কয় যে কাইলৈ অৰ্থাৎ বুধবাৰে চুৰাচান্দপুৰত থকা কুকি জনগোষ্ঠীৰ আশ্ৰয় শিবিৰত পৰিদৰ্শন কৰি ছাত্ৰ সংগঠনটোৱে মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সাক্ষাৎ কৰিব ।
তেওঁ কয় যে গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিন মণিপুৰত থাকিল কিন্তু একো সমাধান আনিব নোৱাৰিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰি অৱশেষত কিছু কথা কৈছে ৷ কিন্তু চৰকাৰৰ দায়িত্ব নিৰৱচ্ছিন্নভাৱে শান্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা । চৰকাৰৰ দায়িত্ব আছে আৰু বৰ্তমান সমাজৰ অংশীদাৰ হিচাবে পৰস্পৰৰ মাজত বাৰ্তালাপ কৰাৰ প্ৰয়োজন আছে ৷ মই চৰকাৰৰ ব্যৰ্থতাক লৈ বোকা চটিয়াব বিচৰা নাই বুলিও তেওঁ কয় ।
হিংসাজৰ্জৰিত মণিপুৰত আজি উত্তৰ-পূব ছাত্ৰ সংগঠন (NESO) ৰ এটা দলে সম্প্ৰীতিৰ বাৰ্তা লৈ দুইটা জনগোষ্ঠীৰ মাজত বাৰ্তালাপ কৰিব । ইতিমধ্যে ঘটনাৰ পিচতেই নেছ’ৰ দুটা দলে মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বার্তাৰে যোগাযোগ অব্যাহত ৰাখিছে বুলি ভট্টাচাৰ্যই কয় ।