অসম

assam

ETV Bharat / state

AN-32 দুৰ্ঘটনাঃ বায়ুসেনাই হেৰুৱালে 13গৰাকী যুঁজাৰুক

বিগত 3 জুন সোমবাৰে যোৰহাটৰ পৰা উৰা মৰা বায়ুসেনাৰ AN-32 বিমান দূৰ্ঘটনাত এজনো বায়ুসৈনিক বাছি থকা নাই ৷ বায়ুসেনাই টুইটাৰযোগে টুইট কৰি জনাইছে এই কথা ৷

By

Published : Jun 13, 2019, 2:28 PM IST

Updated : Jun 13, 2019, 2:48 PM IST

AN-32 দূৰ্ঘটনাঃ বায়ুসেনাই হেৰুৱালে 13গৰাকী যুঁজাৰুক

তেজপুৰ, 13 জুনঃ বিগত তিনি জুনৰ পৰা সন্ধানহীন হৈ থকা বায়ুসেনাৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বিমানখনত থকা আটাইকেইগৰাকী সেনাই ৷

যোৰহাট বায়ুসেনা ছাউনীৰ পৰা 13গৰাকী বায়ুসেনাসহ উৰা মৰা AN-32 বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱাৰ পিচতে বায়ুসেনাই এই কথা স্পষ্ট কৰিছে ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত পায়ুমত উদ্ধাৰকাৰী বাহিনীৰ দল উপস্থিত হৈ দুখঃজনক খবৰটো প্ৰদান কৰিছে ৷ ইতিমধ্যে বায়ুসেনাই ইয়াৰ টুইটযোগে এই কথা প্ৰকাশ কৰিছে ৷

এন্টন'ভ AN-32 বিমানখনত আছিল মুঠ তেৰজন বায়ুসেনা ৷ তেওঁলোক আছিল উইং কামাণ্ডাৰ জিএম চাৰ্লিছ, স্কোৱাড্ৰন লিডাৰ এইচ বিনোদ, ফ্লাইট লেফটেনেন্ট ৰাজেশ থাপা, আশিষ তানৱাৰ, সুমিত মোহান্তি, এমকে গাৰ্গ, ৱাৰেন্ট অফিচাৰ কেকে মিশ্ৰা, ছাৰ্জেন্ট অনুপ কুমাৰ, কৰ্পৰেল শ্বেৰিন, লিডিং এয়াৰক্ৰাফ্ট মেন এছকে সিং, পংকজ আৰু নন কমবেটেন্ট ইঞ্জিনীয়াৰ পুতালী আৰু ৰাজেশ কুমাৰ ৷ ইতিমধ্যে বায়ুসেনাই বিমানখনত থকা সকলোৰে পৰিয়ালক এই বিষয়ে তথ্য প্ৰদান কৰিছে ৷

Last Updated : Jun 13, 2019, 2:48 PM IST

ABOUT THE AUTHOR

...view details