অসম

assam

ETV Bharat / state

ভাৰতীয় সেনাৰ হটলাইন বাৰ্তাৰ উত্তৰ দিয়া নাই চীনা সৈন্যই - Five Arunachal Youth abducted by Chinese PLA

ভাৰত-চীন সংঘাত ৷ চীনৰ পিপ'লচ্ লিবাৰেশ্যন আৰ্মীৰ অৰুণাচলী যুৱকক অপহৰণ ৷ ভাৰত-চীন সীমান্তত কোনো সীমা নথকাৰ বাবেই হ'বলৈ পালে এই ঘটনা ৷ ঘটনাক লৈ ভাৰতীয় সেনাৰ হটলাইন বাৰ্তা প্ৰেৰণ ৷ আজিৰ তাৰিখলৈকে নাহিল কোনো প্ৰত্যুত্তৰ ৷ সীমান্তত ফায়াৰিং ৷ ৰঙা চীনে LAC ৰ নিয়ম বাৰে বাৰে ভংগ কৰাৰ অভিযোগ ভাৰতীয় সেনাৰ ৷

Five Arunachal Youth abducted by Chinese PLA
ভাৰতীয় সেনাৰ হটলাইন বাৰ্তাৰনাহিল কোনো প্ৰত্যুত্তৰ

By

Published : Sep 8, 2020, 9:41 PM IST

Updated : Sep 8, 2020, 10:47 PM IST

তেজপুৰ, 8 চেপ্তেম্বৰ: ভাৰত-চীনৰ সংঘাতে বাতৰিৰ শিৰোনাম দখল কৰি থকাৰ সময়তে, শেহতীয়াকৈ 3 চেপ্তেম্বৰত চীনৰ পিপ'লচ্ লিবাৰেশ্যন আৰ্মীয়ে উজনি সোৱণশিৰিৰ ওচৰৰ দাপৰিজোৰ পৰা অৰুণাচল প্ৰদেশৰ এখন গাঁৱৰ পাঁচজন যুৱকক অপহৰণ কৰি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাটো সংঘটিত হোৱাৰ পাছতে ভাৰতীয় সেনাই চীনা সৈন্যই এক হটলাইন বাৰ্তা প্ৰেৰণ কৰিছিল যদিও আজিৰ তাৰিখলৈকে সেই বাৰ্তাৰ কোনো প্ৰত্যুত্তৰ পোৱা নাই ৷

লগতে পঢ়ক:অৰুণাচলী যুৱকক বন্দী চীনা সৈন্যৰ: কিৰেণ ৰিজিজুৰ প্ৰতিক্ৰিয়া

এই বিষয়ত ইটিভি ভাৰতৰ সৈতে হোৱা কথা বতৰাত তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফ. কৰ্ণেল হৰ্ষৱৰ্দ্ধন পাণ্ডেয়ে কয়, "ভাৰতীয় সেনাই ইতিমধ্যে চীনা সৈন্যলৈ হটলাইন বাৰ্তা প্ৰেৰণ কৰিছে, আমি তেওঁলোকৰ বাৰ্তালৈ অপেক্ষা কৰি আছো ৷"

ঘটনাটো সংঘটিত হোৱাৰ কাৰণ সম্পৰ্কত পাণ্ডেয়ে কয় যে, অৰুণাচলৰ প্ৰদেশত ভাৰত-চীনৰ কোনো ধৰণৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিততে এই ঘটনাতো সংঘটিত হ'ল ৷ চীনা সৈন্যই অপহৰণ কৰি নিয়া যুৱক কেইজন তাগিন সম্প্ৰদায়ৰ আৰু যুৱক কেইজন চিকাৰৰ বাবে সীমান্তলৈ যাওতে এই ঘটনা সংঘটিত হয় বুলি পাণ্ডেয়ে জানিবলৈ দিয়ে ৷

তেওঁ কয় যে, ভাৰত আৰু চীনৰ মাজত আলোচনা চলি থকাৰ পাছতো চীনা সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ নিয়মসমূহ উলংঘা কৰে যাৰ ফলশ্ৰুতিত গুলিচালনাৰ দৰে ঘটনা সংঘটিত হয় ৷ তেওঁ কয়, "প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ নিয়ম সম্পৰ্কত আমি সদায়েই ধনাত্মক ভাৱধাৰাৰে আগবাঢ়িছো ৷ 3 জন চীনা লোকক আমি ওভোটাই পথোৱাৰ লগতে সোমবাৰেও পূব কামেং জিলাত ঘূৰি থকা 13টা য়াক আৰু কিছুসংখ্যক পশুধন আমি ঘূৰাই পথাইছো ৷"

লগতে পঢ়ক:শোচনীয় অৱস্থাত ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ পথ

"কিছুমান কথাত সময়ৰ প্ৰয়োজন হয় ৷ তেওঁলোকৰ মাজত আলোচনা চলি আছে ৷ যেতিয়াই আমি কিবা উত্তৰ পাম আপোনালোকক অৱগত কৰিম ৷" প্ৰতিৰক্ষা মুখপাত্ৰজনে এইবুলি কয় ৷

লগতে পঢ়ক:Exclusive : তাপীৰ গাৱৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

Last Updated : Sep 8, 2020, 10:47 PM IST

ABOUT THE AUTHOR

...view details