অসম

assam

ETV Bharat / state

নিৰুদ্দেশৰ তৃতীয় দিনাও সন্ধান নাই AN 32 বিমানৰ - EtvBharatAssam

সোমবাৰে যোৰহাট বায়ু সেনা ছাউনীৰ পৰা উৰা মৰা বায়ু সেনাৰ AN 32 বিমানখন নিৰুদ্দিষ্ট হোৱা তৃতীয় দিনাও পোৱা নাই কোনো শুংসূত্ৰ ৷ নিৰুদ্দিষ্ট বিমানখনৰ সন্ধানত বায়ুসেনাকে ধৰি স্থলসেনা আৰু নৌসেনাৰ লগতে অৰুণাচলৰ আৰক্ষী আৰু আইটিবিপি বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

AN 32 বিমান

By

Published : Jun 5, 2019, 11:16 PM IST

তেজপুৰ, 5 জুনঃ সোমবাৰৰ পৰাই নিখোজ হৈ থকা বায়ুসেনাৰ AN 32 বিমানৰ উদ্ধাৰ অভিযান আজিলৈকে অব্যাহত আছে ৷ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে ইছৰোৰ উপগ্ৰহকে ধৰি সশস্ত্ৰ বাহিনীৰ এটাৰ ওপৰত আনটো উন্নত প্ৰযুক্তিসম্পন্ন সা-সৰঞ্জাম ৷ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে বায়ুসেনাৰ ছুখই, চুপাৰ হাৰকিউলিছ, নৌসেনাৰ P8l, স্থলসেনাৰ হেলিকপ্টাৰকে ধৰি ইছৰোৰ ক্ৰিছাট আৰু ৰিছাট উপগ্ৰহ ৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ জনসম্পৰ্কী বিষয়া তথা মেঘালয়স্থিত বায়ু সেনা ছাউনীৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে প্ৰকাশ কৰা অনুসৰি বুধবাৰে নিশাৰ ভাগত উদ্ধাৰ অভিযান অব্যাহত থাকিব আৰু অভিযানত অংশ ল'ব ছুখই বিমানে ৷

অধিক পঢ়কঃ AN-32 বিমানৰ সন্ধানৰ বাবে অত্যাধুনিক P8L বিমান ব্যৱহাৰ

বিমানখন নিৰুদ্দিষ্ট হোৱাৰ পিচতেই Etv Bharatৰ হৈ আমি উপস্থিত হৈছিলো বায়ু সেনা মেডেল প্ৰাপক তথা ভাৰতীয় বায়ু সেনাৰ প্ৰথম শাৰীৰ পাইলট গ্ৰুপ কেপ্টেইন মহন্টো পাংগিনৰ ওচৰত ৷ আমাৰ সৈতে হোৱা বাৰ্তালাপত পাংগিনে এক গুৰুতৰ তথ্য প্ৰকাশ কৰি কয় যে, নিৰুদ্দিষ্ট AN 32 বিমানখনত নাছিল ELT অৰ্থাৎ Electro Light Trasmitter যিটো ট্ৰান্সমিটাৰ পাহাৰীয়া দূৰ্গম অঞ্চলত উৰণৰ সময়ত অতিকে প্ৰয়োজনীয় ৷

গ্ৰুপ কেপ্টেইন মহন্টো পাংগিন, বায়ুসেনা মেডেল

ভাৰতীয় বায়ু সেনাত 1984 চনত সংযোজিত হৈছিল ইউক্ৰেইন আৰু ৰাছিয়াৰ যুটীয়া সহযোগিতাত নিৰ্মিত AN 32 সামৰিক পৰিবাহী বিমানখন ৷ বৰ্তমানে ভাৰতীয় বায়ু সেনাৰ হাতত এনেকুৱা প্ৰায় 104খন বিমান মজুত আছে আৰু ইয়াৰে প্ৰায় 46খন বিমানে উন্নতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ৷ যোৰহাটৰ পৰা উৰা মৰা বিমানখন উন্নীত কৰা হোৱা নাছিল আৰু বিমানখনত নাছিল কোনোধৰণৰ ELT প্ৰযুক্তি ৷

উল্লেখ্য যে, ২০০৯ চনৰ ৯ জুনত মেচুকাৰ পৰা যোৰহাট অভিমুখী এখন AN 32 দূৰ্ঘটনাত পতিত হৈছিল ৷ উক্ত দূৰ্ঘটনাত ১৩ জন বায়ু সেনাই প্ৰান হেৰুওৱাৰ লগতে ঘটনাৰ ছয়দিন পিচত উদ্ধাৰ হৈছিল বিমানখনৰ ভগ্নাৱশেষ ৷ ইয়াৰ উপৰিও 2015 চনত এখন আৰু 2016 চনৰ 22 জুলাইত আন এখন AN 32 নিৰুদ্দিষ্ট হৈছিল যাৰ আজিলৈকে কোনো সন্ধান পোৱা নগ'ল ৷

ABOUT THE AUTHOR

...view details