অসম

assam

73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

By

Published : Jan 22, 2021, 7:03 AM IST

Updated : Mar 27, 2021, 11:57 AM IST

স্বাধীনতাৰ 73 বছৰ পাৰ হোৱাৰ পাচতো কেৰাচিনৰ চাকিৰে পোহৰ হোৱা এখন গাঁও ৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ উত্তৰ মেজেংজুলি গাঁৱৰ গাঁওবাসীয়ে আজিলৈকে লাভ নকৰিলে বিদ্যুৎ সেৱা ৷

73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও
বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

ৰঙাপৰা,22 জানুৱাৰী: বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ সকলো গাঁৱতে সম্পূৰ্ণৰূপে বৈদ্যুতিকৰণ সম্পন্ন হোৱা বুলি ঢাক-ঢোল বজাই থকাৰ সময়তে এক বিপৰীত ছবি উন্মোচিত হৈছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিত ৷ স্বাধীনতাৰ 73 বছৰ পাৰ হোৱাৰ পাচতো গৰুবন্ধা পঞ্চায়ত এলেকাৰ উত্তৰ মেজেংজুলি গাঁও খনৰ গাঁওবাসীয়ে আজিলৈকে লাভ নকৰিলে বিদ্যুৎ সেৱা ৷ কোনো এটা চৰকাৰী আঁচনিয়ে স্পৰ্শ কৰিব নোৱাৰিলে গাঁওখনক ৷ বছৰৰ পাচত বছৰ ধৰি কেৰাচিনৰ চাকি,লেম্প,মম বাতিৰ,চাৰ্জাৰ লাইট আদিৰ পোহৰেৰে দিন অতিবাহিত কৰি আহিছে গাঁওবাসীয়ে ৷

73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

উল্লেখ্য যে,কেৰাচিনৰ অভাৱত মাজে মাজে অন্ধকাৰত থকা গাঁওবাসীক চৰকাৰৰ নেতা পালিনেতা অথবা জনপ্ৰতিনিধিয়ে বৈদ্যুতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিকোপতি বৈদ্যুতিকৰণৰ আঁচনিয়ে ঢুকি নাপালে ঢেকিয়াজুলিৰ উত্তৰ মেজেংজুলি গাঁওখনক ৷ গাঁওখনৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলেও পঢ়া শুনা কৰাক ক্ষেত্ৰত বছৰ বছৰ ধৰি অসুবিধাৰ সন্মূখীন হৈ আহিছে যদিও কোনো গুৰুত্ব নাই চৰকাৰ খনৰ ৷ স্থানীয় লোক সকলে বাৰাম্বাৰ বৈদ্যুতিকৰণ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

লগতে পঢ়ক:শতবৰ্ষ গৰকা ডিমা হাছাওৰ এখন গাঁও

Last Updated : Mar 27, 2021, 11:57 AM IST

ABOUT THE AUTHOR

...view details