অসম

assam

ETV Bharat / state

Tezpur Airport: আজিও অৱহেলিত তেজপুৰ বিমানবন্দৰ - No direct movement of flights from Tezpur airport

১৯৪২ চনতে নিৰ্মাণ হোৱা তেজপুৰ বিমান বন্দৰৰ বৰ্তমানৰ পৰিৱেশ অতি দুখ লগা । কমি আহিছে যাত্ৰীৰ সমাগম । কাৰণ বৰ্তমান পোনপটীয়া বিমানৰ চলাচল একেবাৰে বন্ধ এই বিমানবন্দৰৰ পৰা (No direct movement of flights from Tezpur airport) । অতি সম্ভাৱনাপূৰ্ণ বিমানবন্দৰটোৰ প্ৰতি কিয় অৱহেলা কৰিছে চৰকাৰে (Government neglects Tezpur airport) ? এসময়ত যাত্ৰীয়ে ভিৰ কৰি থকা বিমানবন্দৰটোৰ এনে অৱস্থা দেখি ক্ষোভিত হৈ পৰিছে একাংশ সচেতন লোক ।

Tezpur Airport: আজিও অৱহেলিত তেজপুৰ বিমানবন্দৰ
Tezpur Airport: আজিও অৱহেলিত তেজপুৰ বিমানবন্দৰ

By

Published : Mar 23, 2022, 9:01 PM IST

তেজপুৰ,২৩ মাৰ্চ :অসমৰ ইতিহাস সমৃদ্ধ স্থানবোৰৰ ভিতৰত অন্যতম হৈছে তেজপুৰ । প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটে তেজপুৰলৈ । কিন্তু যোগাযোগৰ ক্ষেত্ৰত যেন আজিও পিছপৰি আছে তেজপুৰ । উত্তৰ অসমৰ একমাত্ৰ বিমানবন্দৰ হৈছে তেজপুৰ বিমান বন্দৰ ।

কিন্তু দুখৰ কথাটো হ'ল এই বিমানবন্দৰৰ পৰা কলকাতা, দিল্লী অথবা বহিঃৰাজ্যলৈ নচলে বিমান (No direct movement of flights from Tezpur airport)। পোনপটীয়া বিমানৰ উদ্দেশ্যে যাত্ৰী তথা পৰ্যটকে গুৱাহাটীৰ দৰে বিমানবন্দৰলৈ আহিবলগীয়া হয় । কিন্তু কিয় এনেদৰে অৱহেলিত হৈ আছে এই বিমানবন্দৰটো (Government neglects Tezpur airport) ?

Tezpur Airport: আজিও অৱহেলিত তেজপুৰ বিমানবন্দৰ

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪২ চনতে নিৰ্মাণ হৈছিল তেজপুৰ বিমান বন্দৰ । প্ৰথম অৱস্থাত ইয়াৰ পৰা কলকাতালৈ বিমানৰ চলাচল হৈছিল । কিন্তু সম্প্ৰতি বন্ধ হৈ আছে এই সেৱা ।

কেৱল তেজপুৰ বা উত্তৰ অসমৰে নহয় এই বিমানবন্দৰ ব্যৱহাৰ কৰে অৰুণাচলৰ বহু যাত্ৰীয়ে । সেয়ে দেশৰ আন প্ৰান্তলৈ বিমান চলাচলৰ বাবে চৰকাৰ তথা বিমান পৰিবহণ মন্ত্ৰালয়ক বাৰে বাৰে আহ্বান জনাই আহিছে ৰাইজে । ঘৰুৱা যাত্ৰীৰ সুবিধাৰ বাবে ইতিমধ্যে চৰকাৰে বিমান টিকটৰ মূল্য হ্ৰাস কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

অসমৰ বিত্ত মন্ত্ৰীয়েও এই ক্ষেত্ৰত লোৱা পদক্ষেপৰ কথা উত্থাপন কৰিছে বাজেটত । শেহতীয়াকৈ মন্ত্ৰী অশোক সিংঘালেও পৰিদৰ্শন কৰিছে এই বিমানবন্দৰ । কিন্তু কিহৰ বাবে আজিলৈ উপক্ষিত হৈ আছে তেজপুৰ বিমান বন্দৰ ? এই ক্ষেত্ৰত ৰাইজৰ দাবী ।

লগতে পঢ়ক :আজিও অৱহেলিত তেজপুৰৰ ঐতিহাসিক গড় দৌল

ABOUT THE AUTHOR

...view details