ৰঙাপৰা,31 মে’:ৰাজ্যত এতিয়াও হ্ৰাস হোৱা নাই মহামাৰী ক’ভিড ভয়াৱহতা ৷ কৰ’ণাক প্ৰতিহত কৰিবলৈ সস্তম হৈ আছে চিকিৎসক তথা আৰক্ষী ৷ ইয়াৰ মাজতেই শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিপৰা চাহ বাগিছাৰ বজাৰৰ দৃশ্যই চকু কপালত তুলিছে সচেতন মহলৰ ৷ ৰাজ্য চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই বালিপৰা চাহ বাগিছা অঞ্চলৰ ৰাইজে ভিৰ কৰিছে বজাৰত ৷ ক্ৰেতা-বিক্ৰেতাৰ মাজত নাই সামাজিক দূৰত্ব, নাই মাস্ক ৷ এক প্ৰকাৰে কাল কৰ’ণাক লৈ শংকিত নহয় বালিপৰা চাহ বাগিছা অঞ্চলৰ লোক ৷
প্ৰাপ্ত তথ্য অনুসৰি, চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই অঞ্চলৰ সৰ্বাধিক লোকৰ দেহত ধৰা পৰিছে কাল কৰ’ণাৰ উপস্থিতি ৷ আনকি, এই অঞ্চলত কৰ’ণাত আক্ৰান্ত হৈ ইতিমধ্যে 3 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ তথাপিও যেন গাত কথা লগা নাই বালিপৰাবাসী ৷