তেজপুৰ ,৯ জুন : অষ্টম দিনাও বিফল AN-32 মালবাহী বিমানৰ সন্ধানৰ বাবে চলোৱা অভিযান ৷ বৰ্তমানেও নিৰুদিষ্ট বায়ুসেনাৰ বিমানখনৰ বৈমানিকগৰাকীৰ লগতে ক্ৰু মেম্বাৰ ৷ মালবাহী বিমানখন উদ্ধাৰৰ বাবে বায়ু সেনাৰ MI-17 হেলিকপ্তাৰ আল'ৰ বায়ুসেনা শিৱিৰৰ পৰা আৰু যোৰহাট বায়ুসেনা চাউনীৰ পৰা চলোৱা C-130J ৰ অভিযান সমাপ্ত আজি সমাপ্ত পৰে যদিও কোনো সন্ধান নোলায় বিমানখনৰ ৷ তাটু আৰু খাম্বা পাহাৰৰ অঞ্চলত চলোৱা অভিযানত নিৰুদিষ্ট বিমানৰ কোনো সন্ধান লাভ কৰা নগ'ল বুলি সদৰি কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷ লগতে তেওঁ কয় যে, নিশাৰ অভিযানৰ বাবে সাজু কৰা হৈছে C-130 J বিমান আৰু UAV ৰ ৷ ইপিনে মেচুকা আৰু আল'ৰ মাজত থকা কায়ংৰ অতব্য অৰণ্যত অভিযানৰ বাবে নিয়োজিত হৈছে সেনা বাহিনীৰ লোকৰ লগতে স্থানীয় লোক ৷ আল'ৰ পৰা কায়ঙৰ মাজত দুৰত্ব ৪৫ কিঃ মিঃ আৰু মেচুকাৰ পৰা কায়ংলৈ ১৪০ কিঃ মিঃ ৷ আনহাতে আল'ৰ পৰা তাটু লৈ ২০ কিঃমিঃ আৰু খাম্বালৈ ৯০ কিঃমিঃ আৰু মেচুকালৈ ১৫০ কিঃমিঃ দুৰত্ব ৷
192 ঘন্টাৰ পাচতো সন্ধান নাই বায়ুসেনাৰ AN-32 মালবাহী বিমানৰ - ১৯২ ঘন্টাৰ পাচতো সন্ধান নাই বায়ুসেনাৰ AN-32 মালবাহী বিমানৰ
অষ্টম দিনাও বিফল AN-32 মালবাহী বিমানৰ সন্ধানৰ বাবে চলোৱা অভিযান ৷ নিশাৰ অভিযানৰ বাবে সাজু কৰা হৈছে C-130 J বিমান আৰু UAV ৰ ৷
উল্লেখ্য যে, বায়ু সেনাৰ মালবাহী বিমান এন্টনোভ AN-32 বিমানখন 4 জন ফ্লাইট লেফ্টিনেন্ট, ১গৰাকী উইং কামাণ্ডাৰ ,১গৰাকী ছাজেন্ট লেফ্টিনেন্ট, ১গৰাকী ছাৰজেন্ট,১ গৰাকী কৰ্পৰেল, 1 গৰাকী উইং অফিচাৰ , ২ গৰাকী লিডিং এয়াৰ ক্ৰাফ্ট মেন আৰু ২ গৰাকী নেন্ কমবটেন্ট ইঞ্জিনিয়াৰ আছিল ৷ দুৰ্ভগীয়া বায়ুসেনাৰ বিমাখনৰ সন্ধানৰ বাবে মেচুকা আৰু আল'ৰ মাজত থকা দুৰ্গম পাহাৰৰ তলত অভিযান চলাই থকা হৈছে ৷ বিগত সপ্তাহৰ সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশীলনৰ বাবে গৈছিল আৰু দিনৰ ১২:২৫ যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰামৰাৰ ৩৫ মিনিট পাচত অৰ্থাৎ ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচ্ছিন্ন হৈছিল ৷