অসম

assam

ETV Bharat / state

এম বাথাসহ 22 জন NLFB কেডাৰৰ আত্মসমৰ্পণ - NLFBৰ মূৰব্বী এম বাথা

বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চিকাৰীডাঙত NLFBৰ মূৰব্বী এম বাথা (M Batha)সহ 22 জন কেডাৰৰ ৷ ভাৰত-ভূটানৰ সীমান্তৰে অৰুণাচল প্ৰদেশৰ পৰা চিকাৰীডাঙত উপস্থিত হয় কেডাৰ কেইজন ।

NLFB members surrender
NLFB কেডাৰৰ আত্মসমৰ্পণ

By

Published : Jul 22, 2021, 10:54 PM IST

তেজপুৰ,22 জুলাই : বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্য়ন ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ NLFBৰ মূৰব্বী এম বাথা (M Batha)ই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চিকাৰীডাঙত আত্মসমৰ্পণ (Surrender) কৰে । বাথাৰ সৈতে একেলগে 22 জন কেডাৰেও অসম আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে ৷ আত্মসমৰ্পণকাৰী সকলৰ ভিতৰত অন্যতম কেডাৰ হৈছে দুৰ্ধৰ্ষ নেতা বি বকো ৷ ভাৰত-ভূটানৰ সীমান্তৰে অৰুণাচল প্ৰদেশৰ পৰা চিকাৰীডাঙত উপস্থিত হয় আত্মসমৰ্পণ কৰা এই 23 জন NLFB কেডাৰে ৷

মাজবাট আৰক্ষী থানাৰ লালপানী আউট পোষ্ট (Lalpani Outpost)ৰ অধীনত চিকাৰীডাঙা অঞ্চলত এম বাথাৰ নেতৃত্বত জন্ম হোৱা NLFB বড়ো উগ্ৰপন্থী সংগঠনটোৱে থুলুঙা বাসুমতাৰীৰ সহযোগত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষী (Assam Police)ৰ শীৰ্ষ বিষয়া, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (G P Singh), বিধায়ক জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah), মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika) আৰু বিটিআৰ (BTR) চৰকাৰৰ শীৰ্ষ নেতৃত্ব ৷ এম বাথাৰ উভতনিত চিকাৰীডাঙা অঞ্চলত এক উৎকণ্ঠা বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

NLFB কেডাৰৰ আত্মসমৰ্পণ

বড়োসকলে পাৰম্পৰিক আৰনাই পিন্ধাই স্বাগতম জনায় এম বাথাক । সীমান্তৰ সিপাৰৰ পৰা আৰক্ষী আৰু সেনাৰ সহযোগিতাৰে আগবঢ়াই অনাৰ পাচত বাথাক এখন গাড়ীত লালপানী আৰক্ষী চকীলৈ নিয়া হয় আৰু তাৰ পাচতে চৰকাৰীভাৱে অস্ত্ৰ সম্বৰণ কৰে এম বাথাই ৷

উল্লেখ্য যে, 2020 চনৰ 27 জানুৱাৰীত তৃতীয়খন বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পূৰ্বে নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড (NDFB) মূলসুঁতিলৈ ঘূৰি আহিছিল ৷ সেই সময়ত এম বাথাই প্ৰথমে শান্তি চুক্তিৰ বাবে আত্মসমৰ্পণ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁ পুনৰ হাতত অস্ত্ৰ তুলি NLFBৰ জৰিয়তে সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লয় ৷ একেই বৰ্ষতে সেই সময়ৰ ৰাজ্যৰ মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ নেতৃত্বত NDFBৰ প্ৰায় 1,500 জন সদস্যই আত্মসমৰ্পণ কৰিছিল ৷ চৰকাৰে তেওঁলোকক পুনঃসংস্থাপনৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে কোনো এজন সদস্যই এই সুযোগ লাভ কৰা নাই ।

কেইদিনমান পূৰ্বে এম বাথাৰ বাবে 10 লাখ টকাৰ মাননি ঘোষণা কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধান বিভাগ (NIA)ই ৷ লালপানী আৰক্ষী চকীত আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, এয়া এক শুভ লক্ষণ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ নেতৃত্বত পুনৰ শান্তি নামি আহিছে বড়োভূমিত । কিছু লোক আৰু আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব পৰাতো সম্ভৱ হৈ নুঠাৰ বাবে পৰৱৰ্তী সময়ত তেওঁলোকেও মূলসুঁতিলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে বুলি মন্তব্য় কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :মুলসূঁতিলৈ ঘূৰি আহিল বাথা

ABOUT THE AUTHOR

...view details