তেজপুৰ, ২২ জুলাই: বৃহস্পতিবাৰে বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড (NLFB)ৰ মুৰব্বী এম বাথা(M Batha)ই ওদালগুৰি জিলাৰ মাজবাটৰ চিকাৰীডাঙত অসম-অৰুণাচল সীমান্তত আত্মসমৰ্পণ কৰে । বাথাৰ সৈতে একেলগে প্ৰায় 20 জন কেডাৰেও অসম আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত অন্যতম হৈছে দুৰ্ধৰ্ষ নেতা বি বকো ৷
উল্লেখ্য যে, 2020 চনৰ 27 জানুৱাৰীত তৃতীয়খন বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ আগে আগে নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড(National Democratic Front of Boroland) মূলসুঁতিলৈ ঘূৰি আহিছিল ৷ সেই সময়ত এম বাথাই প্ৰথমতে শান্তি চুক্তিৰ বাবে আত্মসমৰ্পণ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত পুনৰ হাতত অস্ত্ৰ তুলি NLFB ৰ জৰিয়তে সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল ৷