অসম

assam

ETV Bharat / state

অৰুণাচলক লৈ চীনে দৃষ্টিভংগী সলনি কৰক : নিনং এৰিং - চীন

চীনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে ৷ চীনে উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰে ৷ চীনক এই মনোভাৱ সলনি কৰিবলৈ দাবী কৰিছে নিনং এৰিঙে ৷

Ninang Ering Reaction on China
অৰুণাচলক লৈ চীনে দৃষ্টিভংগী সলনি কৰক

By

Published : Aug 2, 2021, 9:32 PM IST

Updated : Aug 2, 2021, 10:19 PM IST

তেজপুৰ, ২ আগষ্ট :শেহতীয়াকৈ চীনৰ শুল্ক বিভাগে অৰুণাচল প্ৰদেশক ভাৰতৰ অংশ হিচাপে দেখুওৱাৰ বাবে তৈয়াৰ কৰা মানচিত্ৰৰ কিছু সামগ্ৰী জব্দ কৰাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে ৷ উল্লেখ্য যে, চীনে উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰে ৷ আনহাতে, ভাৰতে অৰুণাচল প্ৰদেশ এক অবিচ্ছেদ্য অংশ বুলি দোহাৰে ।

এই বিষয়ে চীনৰ স্থানীয় সংবাদ মাধ্যমসমূহেও এই মানচিত্ৰ নিৰ্মাতাৰ পৰিচয় প্ৰকাশ কৰা নাই । এই সন্দৰ্ভত বিধায়ক নিনং এৰিঙে কয়, চীনে নিজৰ দৃষ্টিভংগী কৰাৰ প্ৰয়োজন আছে ৷ কিয়নো অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ ৷

বৰ্তমান কিৰেণ ৰিজিজু দেশৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ এৰিঙে পূৰ্বতে এজন কেন্দ্ৰীয় থকাৰ কথা ব্যক্ত কৰে ৷ অৰুণাচল প্ৰদেশৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অমক আপাঙ, পি কে থুগন আদিও আছিল বুলি মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

অৰুণাচলক লৈ চীনে দৃষ্টিভংগী সলনি কৰক

লগতে তেওঁ কয়, সকলোৱে জানে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অংগ ৷ গতিকে এই বিষয়টো সমাপ্ত কৰিবৰ হ'ল । অলপতে চীনে লিন্সিৰ পৰা লাছালৈ অতি উন্নত প্ৰযুক্তিৰ বুলেট ট্ৰেইন চলাচল কৰিবৰ বাবে নিৰ্মাণ কৰিছে ৰে'লপথ ৷

চীনে নিজৰ মাটিত যি কৰিছে সেয়া কৰিব পাৰে ৷ কিন্তু বিদ্যুৎ উৎপাদনৰ বাবে নদীৰ উৎপত্তি স্থলত প্ৰকাণ্ড বান্ধ নিৰ্মাণ কৰি পানীৰ গতি সলনি কৰিবলৈ লোৱা বিষয়টো অতি স্পৰ্শকাতৰ । বিশ্বৰ প্ৰায় সংখ্যক দেশে বৰ্তমান চীনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আৰু চীনৰ ভূমিকালৈ ভাৰতেও ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য প্ৰকাশ কৰে নিনং এৰিঙে ৷

লগতে পঢ়ক: আফগান সেনাৰ অভিযানত নিহত 254 তালিবানী

Last Updated : Aug 2, 2021, 10:19 PM IST

ABOUT THE AUTHOR

...view details