তেজপুৰ,২ আগষ্টঃ তেজপুৰস্থিত শ্ৰী শ্ৰী নিকামূল সত্ৰৰ সত্ৰাধিকাৰ পূন্যব্ৰত দেৱ গোস্বামী শাৰীৰিক ভাৱে অসুস্থ হৈ শুকুৰবাৰে সন্ধিয় ৬:৪৫ বজাত মৃত্যু ঘটে । বৃক্ক জনিত ৰোগত আক্ৰান্ত সত্ৰাধিকাৰগৰাকী দীৰ্ঘদিন ধৰি তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত বৃহস্পতিবাৰে গুৰুতৰভাৱে অসুস্থ হোৱাত চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি কৰা হৈছিল । কিন্তু শুকুৰবাৰে সত্ৰাধিকাৰ পূন্যব্ৰত দেৱ গোস্বামীয়ে মৃত্যুৰ ওচৰত হাৰ মানি ইহলীলা সম্বৰণ কৰে ।
নিকামূল সত্ৰৰ সত্ৰাধিকাৰ পূন্যব্ৰত দেৱ গোস্বামীৰ মৃত্যু - assam satra mahasabha
বৃক্ক জনিত ৰোগত আক্ৰান্ত নিকামূল সত্ৰৰ সত্ৰাধিকাৰ পূন্যব্ৰত দেৱ গোস্বামী দীৰ্ঘদিন ধৰি তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত বৃহস্পতিবাৰে গুৰুতৰভাৱে অসুস্থ হোৱাত চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি কৰা হৈছিল । কিন্তু শুকুৰবাৰে সত্ৰাধিকাৰ পূন্যব্ৰত দেৱ গোস্বামীয়ে মৃত্যুৰ ওচৰত হাৰ মানি ইহলীলা সম্বৰণ কৰে ।
উল্লেখ্য যে ৮ টি বৰগীতৰ শুদ্ধ স্বৰলিপিৰ সৈতে বৰগীতৰ সংগীতাঞ্জলি এখন গ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিও সত্ৰমহাসভাৰ সৌজন্যত প্ৰকাশ পোৱা ১২ টি বৰগীতৰ শ্ৰাব্য কেছেট পৰিচলনা কৰা সত্ৰাধিকাৰ গৰাকীয়ে ২০০৫ ত শ্ৰী শ্ৰী নিকামূল সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মালী গ্ৰহণ কৰে । ৯০'ত অসম চৰকাৰৰ শিল্পী বঁটা, ২০০৪ ত অসম চৰকাৰৰ শিল্পী পেন্সন আৰু ২০০৮ ত আম্বেদকাৰ ফেল' চিপ সন্মান লাভ কৰে প্ৰয়াত সত্ৰাধিকাৰগৰাকীয়ে ।
সত্ৰাধিকাৰ গৰাকীয়ে তেওঁৰ একমাত্ৰ পুত্ৰ আৰু তিনি গৰাকী জীয়ৰিক এৰি থৈ যায় ৷ তেখেতৰ মৃত্যুত সমগ্ৰ তেজপুৰতে এক গভীৰ শোকৰ ছাঁ পৰিছে ৷