ৰঙাপৰা , 09 জুন : শোণিতপুৰ জিলাৰ ৰঙাপৰাত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক বিনামূলীয়া প্ৰশিক্ষণ দি আহিছে ৷
ৰঙাপৰাত ৰে'লৱে মজদুৰ ইউনিয়নৰ প্ৰশিক্ষণ শিবিৰ - ৰেলৱে বিভাগ
ইতিমধ্যে বহু কেইগৰাকী যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহন কৰি ৰেলৱে বিভাগৰ লগতে বহু কেইটা প্ৰতিযোগিতা মূলক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰিছে ৷
ৰঙাপৰাত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ দ্বাৰা বিনামুলীয়া প্ৰশিক্ষণ
ৰঙাপৰা অঞ্চলৰ শিক্ষিত ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলক ৰে'ল বিভাগৰ লগতে অন্যান্য চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যৰে ৰঙাপৰা মজদুৰ ইউনিয়নে 2014 চনৰে পৰাই বিনামূলীয়াকৈ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আহিছে ৷
বিগত পাঁচ বছৰ ধৰি মজদুৰ ইউনিয়নৰ প্ৰেক্ষাগৃহত বিনামূলীয়া প্ৰশিক্ষণ অব্যাহত আছে ৷ ইতিমধ্যে বহু কেইগৰাকী যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি ৰে'ল বিভাগৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰিছে ৷