অসম

assam

By

Published : Aug 24, 2020, 10:35 PM IST

ETV Bharat / state

বিজেপিৰ নৱনিযুক্ত ৰাজ্যিক সম্পাদক পল্লৱ লোচন দাসক উষ্ম আদৰণি

তেজপুৰ জিলা সমিতিয়ে সোমবাৰে সম্বৰ্ধনা জনাই তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসক ৷ সাংসদ গৰাকীয়ে কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচতে আনুস্থানিকভাৱে সম্বৰ্ধনা জনায় তেজপুৰ জিলা সমিতিয়ে ৷

পল্লৱ লোচন দাস
তেজপুৰত উষ্ম আদৰণি নৱনিযুক্ত বিজেপিৰ ৰাজ্যিক সম্পাদক পল্লৱ লোচন দাসক

তেজপুৰ, ২৪ আগষ্টঃ সোমবাৰে তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসক সম্বৰ্ধনা জনাই ভাৰতীয় জনতা পাৰ্টীৰ তেজপুৰ জিলা সমিতিয়ে ৷ সাংসদ গৰাকীয়ে কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পাচতে সোমবাৰে আনুস্থানিকভাৱে সম্বৰ্ধনা জনায় তেজপুৰ জিলা সমিতিয়ে ৷

তেজপুৰত উষ্ম আদৰণি নৱনিযুক্ত বিজেপিৰ ৰাজ্যিক সম্পাদক পল্লৱ লোচন দাসক

জিলাৰ সভাপতি তুলসী বৰঠাকুৰৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা সভাত দলীয় কৰ্মকৰ্তা সকলৰ মাজত দলৰ আনুষ্ঠানিক মত-বিনিময় কৰে । আনহাতে, পল্লৱ লোচনে সম্বৰ্ধনাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, শোণিতপুৰ জিলাৰ পৰা সাংসদ হিছাপে প্ৰতিনিধিত্ব কৰিছো গতিকে প্ৰথমে জিলাখনৰ ভিতৰৰ পৰাই দলৰ অনুস্থানিকতা আৰম্ভ কৰিম । জিলা খনৰ প্ৰায় 300 ৰো অধিক কৰ্মকৰ্তাই সহযোগিতা আগবঢ়োৱাৰ এই অনুষ্ঠানত দলৰ প্ৰচাৰ বিভাগৰ সম্পাদক তথা এমত্ৰণৰ উপাধ্যক্ষ ঋতু বৰণ শৰ্মা আৰু পৰিৱহন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায় আৰু বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু উপস্থিত থাকে ।

লগতে পঢ়কঃ কংগ্ৰেছৰে মিত্ৰতা প্ৰসংগত মুখ খুলিলে এ আই ইউ ডি এফে

ABOUT THE AUTHOR

...view details