তেজপুৰ,৫ মে’: অসমত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ দ্বিতীয় সংক্ৰমণ । বুধবাৰৰ দিনটোলৈকে ৰাজ্যত ২৮,০৬০ গৰাকী লোক নতুনকৈ কৰণাত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতেই আক্ৰান্তৰ সংখ্যা সৰ্বাধিক । এদিনতে সৰ্বাধিক 31 গৰাকী আক্ৰান্তৰ মৃত্যু হোৱাৰ তথ্যও পোৱা গৈছে । ইফালে ৰাজ্যত ১,৪৩০ গৰাকী লোকে ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ।
ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ শোণিতপুৰ জিলাতো আক্ৰান্ত হৈছে বহু লোক ৷ প্ৰতিদিনে এজনকৈ আক্ৰান্তৰ মৃত্যু হৈ অহা জিলাখনত বুধবাৰে ২ জন আক্ৰান্তৰ মৃত্যু হোৱা তথ্য প্ৰশাসনে সদৰী কৰিছে । ইটাখোলা বালিজুৰীৰ ৰুদ্ৰ মায়া নেৱাৰ আৰু ঢেকীয়াজুলিৰ সত্যৰঞ্জন দত্ত নামৰ দুজন লোকৰ মৃত্যু ঘটিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ।
আনহাতে জিলাখনত মঙলবাৰে ক’ভিডৰ ভেকচিন গ্ৰহণ কৰিছে ৩,২০৩ গৰাকী লোকে ৷ জিলাখনত সৰ্বমুঠ ৯৭,৪২০ গৰাকী লোকে প্ৰথমটো ভেকচিন লোৱাৰ বিপৰীতে ২৮,২৩৬ গৰাকীয়ে গ্ৰহণ কৰিছে ভেকচিনৰ দ্বিতীয়টো ড’জ ৷ ইয়াকে লৈ জিলাখনত ভেকচিন গ্ৰহণকাৰীৰ সংখ্যা হৈছে মুঠ ১,২৫,৬৫৬ গৰাকী । শেহতীয়াকৈ শোণিতপুৰ জিলাৰ আঞ্চলিক ভেকচিন সংৰক্ষণ কেন্দ্ৰলৈ ২৫ হাজাৰ ক’ভিশিল্ড আৰু ৫ হাজাৰ ক’ভাক্সিন অহাৰ বিপৰীতে ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সলৈ দিব লগা নতুন ভেকচিন এই পৰ্যন্ত আহি পোৱা নাই বুলি জনালে জিলাখনৰ স্বাস্থ্য বিভাগে ।