অসম

assam

ETV Bharat / state

New Sonitpur district Congress president: শোণিতপুৰ ৰাজীৱ ভৱনত আবতৰীয়া দীপাৱলী - Dadul Barkakati slams BJP

বুধবাৰে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰে শোণিতপুৰৰ ৰাজীৱ ভৱনত । জিলা কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা শোণিতপুৰৰ দাদুল বৰকাকতিয়ে(Dadul Barkakati New president of District Congress) । নতুন সভাপতিগৰাকীক ৰাজীৱ ভৱনলৈ গায়ন-বায়নৰে আদৰি আনে কংগ্ৰেছ কৰ্মীসকলে ।

New president of Sonitpur district Congress
শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'লে দাদুল বৰকাকতিয়ে

By

Published : Jan 25, 2023, 6:55 PM IST

শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'লে দাদুল বৰকাকতিয়ে

তেজপুৰ,২৫ জানুৱাৰী: হঠাৎ জীপাল হৈ পৰিল শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্য্যালয় । জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত আবতৰীয়া দীপাৱলী তথা আবতৰীয়া বিহু । কিন্তু কিহৰ বাবে এই আনন্দ উল্লাহ ? নতুনকৈ শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'লে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা শোণিতপুৰৰ দাদুল বৰকাকতিয়ে(New Sonitpur district Congress president criticizes BJP) । ৰাজীৱ ভৱনত প্ৰৱেশ কৰি দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে তেজপুৰ গণেশ মন্দিৰত পূজা অৰ্চনা কৰি খোল তাল বজাই জিলাৰ কংগ্ৰেছ কৰ্মী সকলে ৰাজীৱ ভৱনলৈ আদৰি আনে শোণিতপুৰ জিলা কংগ্ৰেছৰ নতুন সভাপতিগৰাকীক(Dadul Barkakati New president of District Congress) ।

তাকে লৈ উৎফুল্লিত হৈ পৰিল কংগ্ৰেছ কৰ্মীসকল । দায়িত্বভাৰ গ্ৰহণ কৰি কংগ্ৰেছৰ হৈ কাম কৰি যোৱাৰ লগতে বাকী আৰু ফাঁকিত চলা বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত কাম কৰাৰ আৰু দলক জয়ী কৰোৱাৰ চেষ্টা চলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সভাপতি দাদুল বৰকাকতিয়ে । ইয়াৰ পাছতে এখনি সংবাদমেলৰো আয়োজন কৰে সভাপতিগৰাকীয়ে । সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি তেওঁ কয় যে , আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে শোণিতপুৰ জিলা কংগ্ৰেছে ।

২০২৪ চনত হ'বলগীয়া লোকসভা নিৰ্বাচনক লৈ সৰৱ শোণিতপুৰ জিলা কংগ্ৰেছৰ নৱ নিযুক্ত জিলা সভাপতি দাদুল বৰকাকটিয়ে বুধবাৰে কাৰ্যভাৰ গ্ৰহণ কৰি কয় যে বিজেপি দলৰ চৰকাৰে অসমত বাকী আৰু ফাঁকিৰে শাসন চলাই আহিছে(Dadul Barkakati slams BJP) । এই বিষয়ে সাধাৰণ ৰাইজো অৱগত । গতিকে জিলাখনত এইবাৰ মুঠ ১১ খন বুথ কমিটি লৈ দলতো এক ন-ৰূপ দিয়াৰ পৰিকল্পনা হাতত লৈছে বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

শোণিতপুৰ জিলাত কংগ্ৰেছৰ বিগত সময়চোৱাত দলটোৱে কোনো ধৰণৰ ভাল ফল দেখুৱাব পৰা নাছিল । সেয়ে দলৰ বাবেই হওক বা কৰ্মীৰ বাবেই হওক জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত বিধানসভা নিৰ্বাচনত বাৰুকৈয়ে মুখ ঠেকেচা খাইছে । আনহাতে বিগত সময়চোৱাত ৰাজীৱ ভৱনত বিশেষ কোনো নতুনত্বৰ প্ৰভাৱ দেখা পোৱা হোৱা নাই । সবল নেতৃত্বৰ অভাৱত দলটো অস্তিত্বৰ সংকটত ভোগাটো নিশ্চিত হৈছিল । কিন্ত এতিয়া জিলাখনত দলটো নতুনকৈ কেনেকৈ পুনৰ গঠন কৰি নৱ-নিৰ্বাচিত সভাপতিয়ে আগুৱাই নিয়ে সেয়া সময়তহে নিশ্চিত হ'ব ।

লগতে পঢ়ক:Houseful show Pathaan in Rangia: বিতৰ্ক নেওচি ছবিগৃহলৈ কিং খান অভিনীত ছবি পাঠান, ৰঙিয়াত দৰ্শকৰ ব্যাপক সঁহাৰি

For All Latest Updates

ABOUT THE AUTHOR

...view details