অসম

assam

ETV Bharat / state

New Education Policy 2020:আধাৰ কাৰ্ডৰ বাবে নামভৰ্তিৰ পৰা বঞ্চিত লক্ষাধিক শিক্ষাৰ্থী - Assam CM HBS

উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীয়ে সন্মুখীন হোৱা অসুবিধাৰ সম্পৰ্কত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷ আধাৰ কাৰ্ড লাভ নকৰা শিক্ষাৰ্থীৰ ১ লাখ ৫০ হাজাৰ আছে ৷ শিক্ষাৰ্থীসকলৰ আধাৰ কাৰ্ডৰ জেনেৰেটিঙৰ কাম খৰতকীয়া কৰিব লাগে ৷ এই দাবী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷

New Education Policy 2020
আধাৰ কাৰ্ডৰ বাবে নামভৰ্তিৰ পৰা বঞ্চিত লক্ষাধিক শিক্ষাৰ্থী

By

Published : Jun 27, 2023, 8:49 PM IST

আধাৰ কাৰ্ডৰ বাবে নামভৰ্তিৰ পৰা বঞ্চিত লক্ষাধিক শিক্ষাৰ্থী

তেজপুৰ, 27 জুন : উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী ৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবে বাধ্যতামূলক কৰা হৈছে একাডেমিক বেংক অব ক্ৰেডিটত পঞ্জীয়নৰ ৷ একাডেমিক বেংক অব ক্ৰেডিটত পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ড নাই সৰহ সংখ্যক শিক্ষাৰ্থীৰ ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে বায়’মেট্ৰিক তথ্য দাখিল কৰাৰ পাচত পোহৰলৈ আহিছে যে ৰাজ্যৰ প্ৰায় ২৭ লাখ নাগৰিকে লাভ কৰা নাই আধাৰ কাৰ্ড । ইয়াৰে আধাৰ কাৰ্ড লাভ নকৰা শিক্ষাৰ্থীৰ সংখ্যা ১ লাখ ৫০ হাজাৰ ৷ ফলত উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় একাডেমি বেংক অব ক্ৰেডিটত পঞ্জীয়নৰ ক্ষেত্ৰত শিক্ষাৰ্থীয়ে অসুবিধাৰ সন্মুখীন হৈছে ৷

সমগ্ৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বিভাগীয় কতৃপক্ষক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

এই সন্দৰ্ভত পৰিষদৰ শোণিতপুৰ জিলা শাখাই ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু শোণিতপুৰ জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ ৷ স্মাৰক পত্ৰৰ জড়িয়তে শিক্ষাৰ্থীসকলৰ শ্ৰেণীবিভাজন নকৰাকৈ উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ থকা শিক্ষাৰ্থীসকলৰ গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰি সমাজৰ বিকাশত অৰিহণা যোগাবলৈ আহ্বান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷

শিক্ষাৰ্থীৰ সমস্যাটো সমাধানৰ বাবে পৰিষদে বিভাগীয় কৰ্তৃপক্ষলৈ কেতবোৰ প্ৰস্তাৱো আগবঢ়াইছে ৷ প্ৰস্তাৱ অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে বায়’মেট্ৰিক ডাটা জমা দিয়া শিক্ষাৰ্থীসকলৰ আধাৰ কাৰ্ডৰ জেনেৰেটিঙৰ কাম খৰতকীয়া কৰিব লাগে ৷ আধাৰ কাৰ্ড অবিহনে একাডেমিক বেংক অব্ ক্ৰেডিটত পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷

আনহাতে ভুক্তভোগী শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে হেল্পলাইন নম্বৰ মুকলি কৰিবলৈ বিভাগক দাবী জনাইছে পৰিষদে ৷

লগতে পঢ়ক:Protesting against constituency delimitation:সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতা, বন্ধ বৰাক উপত্যকা

ABOUT THE AUTHOR

...view details