অসম

assam

ETV Bharat / state

ৰাজ্যৰ ৰাজনীতিত অচিৰেই আত্মপ্ৰকাশ ঘটিব এক আঞ্চলিক ৰাজনৈতিক দলৰ ! - তেজপুৰ নিউজ

ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ শনিবাৰে গঠন হয় এখন উমৈহতীয়া মঞ্চ ৷ তেজপুৰৰ বিশিষ্ট আইনবিদ অৰুপ বৰবৰাৰ নেতৃত্বত জন্ম লোৱা আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই ৰাজ্যত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ শোনিতপুৰ শাখা স্থাপন কৰে ৷

শোনিতপুৰত গঠন আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ শাখা

By

Published : Oct 12, 2019, 11:06 PM IST

তেজপুৰ, 12 অক্টোবৰঃ অসমত আকৌ আবিৰ্ভাৱ ঘটিব আঞ্চলিক ৰাজনৈতিক দলৰ । নিস্বাৰ্থ আৰু জনস্বার্থত নিয়োজিত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তালৈ লক্ষ্য কৰিয়ে শনিবাৰে তেজপুৰত গঠন কৰা হয় এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ বাবে এখন উমৈহতীয়া মঞ্চৰ ৷

তেজপুৰৰ বিশিষ্ট আইনবিদ অৰুপ বৰবৰাৰ নেতৃত্বত শনিবাৰে সন্ধিয়া তৰুণ অসম সংঘত গঠন হয় সংগঠনটো ৷ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ নামে সংগঠনটোৰ শোনিতপুৰ শাখা গঠন হয় শনিবাৰে সন্ধিয়া ৷ বিগত মে' মাহতে গুৱাহাটী মহানগৰীত গঠন কৰা হৈছিল উমৈহতীয়া মঞ্চখন আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰায় 9খন জিলাত গঠন কৰা হৈছে ইয়াৰ শাখা ৷

বিশিষ্ট আইনজীৱি অৰুপ বৰবৰা

অসমৰ ৰাজনীতিত আঞ্চলিক দলৰ প্ৰয়োজনীয়তাৰে গঠন হোৱা অসম গণ পৰিষদক সমালোচনা কৰে অৰুপ বৰবৰাই ৷ বিগত সময়ছোৱাত অসমৰ আৰ্থ-ৰাজনৈতিক প্ৰেক্ষাপটত অগপই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে ৷ সততা, নিষ্ঠা আৰু আপোচহীন আঞ্চলিকতাবাদী নীতিৰে অগপই কাম কৰি গ'লে পুনৰ এটা আঞ্চলিক ৰাজনৈতিক দলে জন্ম নাপালেহেতেন বুলি কয় অৰুপ বৰবৰাই ৷

সংগঠনটোৰ তেজপুৰ শাখা গঠন কৰি পৰৱৰ্তী সময়ত শিৱসাগৰ জিলাতো ইয়াৰ শাখা ঘোষণা কৰাৰ থল আছে বুলি উল্লেখ কৰে বৰবৰাই ৷

ABOUT THE AUTHOR

...view details