অসম

assam

ETV Bharat / state

তেজপুৰত উপায়ুক্ত সকলৰ সন্মিলন কক্ষৰ নিৰ্মাণ সম্পূৰ্ণ - Convention center build up in Tezpur

ৰাজ্যৰ ৩৫ খন জিলাৰ সকলো উপাযুক্ত একেলগে বহি বৈঠক অনুষ্ঠিত কৰিব পৰাকৈ নিৰ্মাণ কৰা হ'ল নতুন সন্মিলন কক্ষ । তেজপুৰত নিৰ্মাণ কৰা হৈছে এই সন্মিলন কক্ষ । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা সন্মিলন কক্ষ মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে।

completed dc conference hall in tezpur
তেজপুৰত উপায়ুক্ত সকলৰ সন্মিলন কক্ষৰ নিৰ্মাণ সম্পূৰ্ণ

By

Published : Mar 31, 2022, 2:09 PM IST

তেজপুৰ,৩১ মাৰ্চ: তেজপুৰত সম্পূৰ্ণ হৈ উঠিল এটা নতুন সন্মিলন কক্ষ । অসম চৰকাৰৰ নিৰ্দেশত তেজপুৰ বাটামাৰীত অসমৰ ৩৫ খন জিলাৰ উপায়ুক্তসকল একেলগে বহি বৈঠকত অংশগ্ৰহণ কৰিবৰ বাবে নিৰ্মাণ কৰা হৈছে এই সন্মিলন কক্ষ (Convention center build up in Tezpur)।

নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা সন্মিলন কক্ষ মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসৰ তাৎপৰতাত ৰাজ্য চৰকাৰে বিগত পাঁচ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিছে এই সন্মিলন কক্ষ (New convention centre in Tezpur)। আটক ধুনীয়া এই স্থানত মুঠ ১২০ খন আসন সংৰক্ষিত কৰা হৈছে আৰু তিনিটা ভি আই পি শাৰী সংৰক্ষণ কৰা হৈছে ।

সন্মিলন কক্ষত একেলগে সকলো লোকে আসন গ্ৰহণ কৰাৰ লগতে অহাৰ গ্ৰহণ কৰাৰো ব্যৱস্থা আছে

সন্মিলন কক্ষত একেলগে সকলো লোকে আসন গ্ৰহণ কৰাৰ লগতে অহাৰ গ্ৰহণ কৰাৰো ব্যৱস্থা আছে । উপায়ুক্ত সকলৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হোৱাৰ সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে তেজপুৰত পৰৱৰ্তী সন্মিলন অনুষ্ঠিত হোৱা কথা ।

আটক ধুনীয়া এই স্থানত মুঠ ১২০ খন আসন সংৰক্ষিত কৰা হৈছে আৰু তিনিটা ভি আই পি শাৰীৰে সংৰক্ষণ কৰা হৈছে ।

জানিব পৰা মতে পাঁচ বিঘা ভূমিত ১৫ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ সম্পূৰ্ণ কৰা এই ৰাজ্যিক সন্মিলন কক্ষত প্ৰধানমন্ত্ৰীৰ বৈঠকো অনুষ্ঠিত কৰিব পাৰিব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ২৫ এপ্ৰিলত তেজপুৰ ভ্ৰমণৰ সময়ত এই সন্মিলন কক্ষ মুকলি কৰিব ।

লগতে পঢ়ক:Amazon আৰু Flipkart ত উপলব্ধ হ’ল অসমীয়াৰ স্বাভিমান গামোছা

ABOUT THE AUTHOR

...view details